নুনমাটী, 17 জুনঃ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবী উত্থাপন কৰি বুধবাৰে নুনমাটিত আছুৰ প্ৰতিবাদী কাৰ্যসূচী । নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ মূল প্ৰৱেশ দ্বাৰৰ সন্মুখত নুনমাটি আছুৱে গ্ৰহণ কৰে মৌন প্ৰতিবাদ ।
মৌন প্ৰতিবাদকাৰী সকলে ফ্লেগ,বেনাৰ,ফেষ্টুন আদিলৈ সাব্যস্ত কৰে নিজৰ প্ৰতিবাদ । ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ বিচাৰৰ বাবে ফাষ্ট ট্ৰেক আদালত স্থাপন কৰা, দলবদ্ধ আক্ৰমণ প্ৰতিৰোধ আইন প্রযোজ্য কৰা,ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা আদি বহু কেইটা দাবী উত্থাপন কৰে সংগঠনটোৱে । দিনৰ 11 বজাৰ পৰা 2 বজালৈ ছাত্র সন্থাই মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
উল্লেখ্য যে, যোৱা 12 জুনত শুকুৰবাৰে নুনমাটি হাইস্কুলৰ বিপৰীতে থকা আৰমান হ'ম ফাৰ্নিছিংত পাঁচ জনকৈ দুৰ্বৃত্তই ঋতুপৰ্ণ পেগু নামৰ যুৱকজনক পত্নীৰ সন্মুখতে চুৰিৰে হানি খুচি হত্যা কৰিছিল ।
এই হত্যাকাণ্ডত অভিযুক্ত হুছেইন আলী,দুলাল আলী,ইব্ৰাহিম আলী,মনোৱাৰা খাতুন আৰু আৰমান আলী নামৰ ৫ জনক ইতিমধ্যে নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।