ETV Bharat / city

Financial crisis : বিহুৰ বতৰতো হাজাৰ হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে নাপালে দৰমহা

বিহুৰ বতৰতো ৰাজ্যৰ হাজাৰ-হাজাৰ শিক্ষক, কৰ্মচাৰীয়ে নাপালে দৰমহা (No salary for many state employees during Bihu) । বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বৰ্ধিত ৰাজহ সংগ্ৰহৰ অভিযানৰ দাবীৰ বিপৰীতে বৰ্তমানেও তথৈবচ ৰাজ্যৰ বিত্তীয় স্থিতি ।

author img

By

Published : Apr 21, 2022, 8:54 PM IST

no-salary-for-many-state-employees-during-bihu
Financial crisis : বিহুৰ বতৰতো হাজাৰ হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে নাপালে দৰমহা

গুৱাহাটী, ২০ এপ্ৰিল : ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে অব্যাহত ৰঙালী বিহুৰ উছাহ আৰু চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বৰষুণলৈ চাই আপাততঃ সকলো কথা ঠিকেই আছে যেন লাগিলেও আচলতে কথাবোৰ সচাকৈয়ে ঠিকেই আছেনে ? বিহুৰ বতৰতো ৰাজ্য চৰকাৰে তেওঁলোকৰ এক লক্ষণীয় সংখ্যক বিষয়া-কৰ্মচাৰীক দৰমহা দিব নোৱাৰা কথাই আজি চৰকাৰৰ বিত্তীয় পৰিস্থিতিক লৈ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে (Assam government facing financial crisis) ।

দিছপুৰ সচিবালয়ৰ বিত্ত বিভাগৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে, ৰাজ্য চৰকাৰে ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষত হোৱা ব্যয়ৰ বিপৰীতে আজিও এক বৃহৎ পৰিমাণৰ পুঁজি চৰকাৰী ঠিকাদাৰ আৰু যোগনিয়াৰক পৰিশোধ কৰিবলৈ‌ বাকী আছে । এই পুঁজিৰ পৰিমান তিনিহেজাৰ কোটিৰো অধিক হ'ব বুলি সূত্ৰটোৱে আঙুলিয়াই দিছে । অৰ্থাৎ ২০২১ চনৰ ১০ মে'ত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰ খন গঠিত হোৱাৰ পাছত মূলতঃ পথ নিৰ্মাণ আৰু অন্যান্য আন্তঃগাঁঠনি কেন্দ্ৰিক ঠিকাৰ নামত যি‌ আৱন্টন দিছিল তাৰ প্ৰায় পঞ্চাছ শতাংশ ধন আজি পৰ্যন্ত মোকলাই দিয়া হোৱা‌ নাই (No fund released for contractors) ।

আনহাতে, চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যত এক লাখ নতুন নিযুক্তিৰ এক অভিলাসী অভিযান আৰম্ভ কৰিছে ।‌‌ ইতিমধ্যে, বিভিন্ন বিভাগত ২৬ হাজাৰ পদৰ বিপৰীতে বিজ্ঞাপনো প্ৰকাশ কৰিছে । কিন্তু এনে তৎপৰতাৰ বিপৰীতে অতি লক্ষণীয়ভাৱে চৰকাৰে কেইবাটাও বিভাগৰ‌ কৰ্মচাৰীক ৰঙালী বিহুৰ সময়তো মাহিলী দৰমহা দিব পৰা‌ নাই । তথ্য অনুসৰি এই সময়ত বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ দহ হেজাৰ বিষয়া-কৰ্মচাৰীক দৰমহা দিব‌ পৰা‌ নাই ।

একেদৰে, চৰকাৰে যোৱা আঠ মাহ ধৰি মাহিলী দৰমহাৰ পৰা বঞ্চিত হৈ আছে ৰাজ্য চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰ বিভাগৰ অধীনৰ আৰ্টফেডৰ ১৭০ গৰাকী বিষয়া কৰ্মচাৰী । আৰ্টফেডৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ধীৰেণ নাথে সাংবাদিকক জনোৱা‌ মতে, আৰ্টফেডৰ কৰ্মচাৰী সকলেই যে মাহৰ পিছত মাহ‌ ধৰি দৰমহা পোৱা‌ নাই এনে নহয় । এই ৰাজহুৱা খণ্ডৰ সমবায় খনৰ মজিয়াত একত্ৰিত হৈ থকা কেইবাহাজাৰো শিপিনীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ।

চৰকাৰে এই কথা চাই আছে নীৰৱে । কেৱল সেয়ে নহয়, এই বিহুৰ বতৰত ৰাজ্যৰ ৪৫৭৫ গৰাকী ঠিকা ভিত্তিক শিক্ষাৰ্থীয়েও নাপালে মাহৰ দৰমহাৰ নিৰ্ধাৰিত টকা কেইটা । আনহাতে, ৰাজ্য চৰকাৰৰ অধীনত থকা মীন উন্নয়ন নিগম, অসম বীজ নিগম, অসম বিত্ত নিগম, বেচা -কিনা নিগম আদিকৈ প্ৰায় ভাগ নিগম-নিকায়ৰে বিত্তীয় অৱস্থা তথৈবচ । বেচা-কিনা নিগমৰ ৪০ গৰাকী কৰ্মচাৰীয়ে পোৱা‌ নাই যোৱা কেইবামাহো দৰমহা ।

বহু অনুনয়-নিবেদনৰ পিছতো চৰকাৰে এনে সাধাৰন কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপ লোৱা নাই ।‌ মনকৰিবলগীয়া যে, চৰকাৰে এক নেতিবাচক বিত্তীয় পৰিস্থিতিৰ সন্মুখীন হৈ কৰ্মচাৰীক দৰমহা দিয়াৰ সামৰ্থতা হেৰুৱাইছে যদিও একে সময়তে বিত্ত বিভাগৰ দায়িত্বত থকা মন্ত্ৰী অজন্তা নেওগে শেহতীয়া বিত্তীয় বৰ্ষটোত ৰাজহ সংগ্ৰহৰ পৰিমান বৃদ্ধি পোৱা বুলি‌ তেওঁৰ বাজেট ভাষণত উল্লেখ কৰিছিল (Budget speech of Ajanta Neog) । সেই বাবেই তেওঁৰ বাজেট মাত্ৰ ছশ কোটি টকাৰ ঘাটি বাজেট । কিন্তু তাৰ পাছতো ২০২২-২৩ বিত্তীয় বৰ্ষটোতো একেই অৱস্থা অব্যাহত থকাটো লক্ষণীয় বুলি বিবেচিত হৈছে ।‌

লগতে পঢ়ক : জিগনেশ মেৱানীক মুকলিৰ দাবীত আন্দোলনৰ হুংকাৰ ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.