ETV Bharat / city

ক্ষুব্ধ দিল্লী : ডিচেম্বৰৰ ভিতৰত ফ'ৰলেন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ - নিৰ্মাণকাৰী সংস্থালৈ জাননী ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ৰ

গুৱাহাটীৰ পৰা উজনিৰ যিকোনো স্থানলৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰা সকলো লোকেই ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থাৰ বিষয়ে অৱগত । গাড়ীৰে উজনিলৈ যোৱা প্ৰত্যেকৰে আছে সেই তিতা অভিজ্ঞতা । ইয়াৰ কাৰণ অন্য একো নহয়, ফ'ৰলেন নিৰ্মাণ । ফ'ৰলেনৰ নিৰ্মাণকাৰ্যই অৱশেষত ক্ষুব্ধ কৰি তুলিছে দিল্লীকো ।

NHIDCL sets Dec deadline to complete four-lane highway in assam
ডিচেম্বৰৰ ভিতৰত ফ'ৰলেন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ
author img

By

Published : Dec 9, 2021, 9:48 PM IST

গুৱাহাটী, ৯ ডিচেম্বৰ : ফ'ৰলেন নিৰ্মাণৰ নামত বিগত বছৰ বছৰজুৰি নিৰ্মাণকাৰী সংস্থাসমূহে নৰক যন্ত্ৰণা ভোগাই আহিছে ৰাইজক । অতি লেহেমীয়া গতিৰে চলা ফ'ৰলেনৰ নিৰ্মাণকাৰ্য(Four Lane Highway in Assam )ই অৱশেষত ক্ষুব্ধ কৰি তুলিছে দিল্লীকো । যাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে ২০২২ চনৰ ডিচেম্বৰৰ ভিতৰত অসমত চলি থকা সকলো ফ'ৰলেনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ(NHIDCL sets Dec deadline to complete Four Lane Highway ) কঠোৰ নিৰ্দেশনা জাৰি কৰিছে নিৰ্মাণকাৰী সংস্থাসমূহক । অন্যথা নিৰ্মাণকাৰী প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধে মন্ত্ৰণালয়ে ব্যৱস্থা গ্ৰহণ কৰাৰো জাননী জাৰি কৰিছে ।

উল্লেখযোগ্য যে নগাঁৱৰ পৰা কলিয়াবৰ, বিশ্বনাথ চাৰিআলি, গহপুৰ হৈ অৰুণাচল প্ৰদেশৰ হোলোংগীলৈ এটা ফ'ৰলেন পথ নিৰ্মাণ(NHAI plans four lane highway in Assam)ৰ কাম চলি আছে বিগত কেইবাবছৰ জুৰি । যিটো পথ সম্পূৰ্ণ কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছিল ২০১৯ চনত । একেদৰে নুমলীগড়ৰ পৰা ডিব্ৰুগড়লৈ নিৰ্মাণ চলি থকা ফ'ৰলেনৰ কামো ২০১৯ ৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিছিল । কিন্তু এটাও পথ এই সময়চোৱাৰ ভিতৰত সম্পূৰ্ণ নহ'ল ।

NHIDCL sets Dec deadline to complete four-lane highway in assam
ডিচেম্বৰৰ ভিতৰত ফ'ৰলেন সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

এই দুয়োটা পথেৰে নিৰ্মাণকাৰ্য ২০২২ ৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । একেদৰে জাঁজী-ডিমৌৰ মাজৰ পথচোৱা ২০২২ ৰ ডিচেম্বৰৰ ভিতৰত, নুমলীগড়ৰ পৰা যোৰহাটৰ মাজৰ পথচোৱা ২০২২ ৰ মাৰ্চৰ ভিতৰত, তেনেদৰে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ মাজৰ পথচোৱা অহা বছৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক : Land Grabbing Allegation: গৌৰৱ গগৈয়ে ক’লে, ৰাজ্যৰ ভিতৰতে মাটি দখলৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.