ETV Bharat / city

মহানগৰীৰ বৰাগাঁৱত মুকলি ‘বৃদ্ধা নিবাস’ - 20 গৰাকীকৈ নিসংগ বৃদ্ধা পুৰুষ-মহিলাৰ বাবে বৃদ্ধা নিবাস

20 গৰাকীকৈ নিসংগ বৃদ্ধা পুৰুষ-মহিলাৰ বাবে সাজি উলিওৱা হৈছে নতুনকৈ বৃদ্ধাশ্ৰম । দেওবাৰে মুকলি কৰা হয় বৃদ্ধা নিবাস নামৰে নামাকৰণ কৰা নতুনকৈ নিৰ্মাণ কৰা বৃদ্ধাশ্ৰমখন ।

new old age home in Guwahatiমহানগৰীৰ বৰাগাঁৱত মুকলি ‘বৃদ্ধা নিবাস’
মহানগৰীৰ বৰাগাঁৱত মুকলি ‘বৃদ্ধা নিবাস’
author img

By

Published : Feb 23, 2020, 7:10 PM IST

গুৱাহাটী, 23 ফেব্ৰুৱাৰীঃ মহানগৰীৰ বৰাগাঁৱত দেওবাৰে বৃদ্ধা পুৰুষ-মহিলাৰ সকলৰ বাবে মুকলি কৰা হয় এখন বৃদ্ধাশ্ৰম । বৃদ্ধা নিবাস নামৰে নামাকৰণ কৰা বৃদ্ধাশ্ৰমখনত বিনামূলীয়াকৈ 20 গৰাকীকৈ নিসংগ বৃদ্ধা পুৰুষ-মহিলা থকাৰ ব্যৱস্থা কৰা হৈছে ।

অসম চৰকাৰে নিসংগ বৃদ্ধা সকলৰ বাবে বৃদ্ধাশ্ৰম নিৰ্মাণ কৰাৰ বাবে বৰাগাঁৱত প্ৰদান কৰা 4 বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে এই বৃদ্ধাশ্ৰমখন । নতুনকৈ মুকলি কৰা বৰাগাঁৱৰ বৃদ্ধাশ্ৰমখন পৰিচালনাৰ দায়িত্বত থাকিব এক 80 জনীয়া কমিটি ।

বৰাগাঁৱত মুকলি বৃদ্ধাশ্ৰম

দেওবাৰে বৃদ্ধাশ্ৰমখনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য নিৰ্মল কুমাৰ চৌধুৰী, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাকে ধৰি ভালে সংখ্যক গন্য মান্য ব্যক্তি । বৃদ্ধা লোকসকল বাবে আশ্ৰমখনত 7 টাকৈ কোঠা নিৰ্মাণ কৰাৰ লগতে যাৱতীয় সকলো সামগ্ৰীৰ ব্যবস্থা কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.