গুৱাহাটী; 12জুলাইঃ যোৱা কিছুদিন ধৰি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাটাও স্থানৰ ৰেল লাইন ক্ষতিগ্ৰস্ত হৈছে। যাৰ বাবে কেইবাখনো ৰেল বাতিল কৰিছে উত্তৰ-পূৱ সীমান্ত ৰেলৱে। আগৰতলা এক্সপ্ৰেছ, চেলদাহ কাঞ্চনজংঘা এক্সপ্ৰেছ বাতিল কৰে উত্তৰ-পূৱ সীমান্ত ৰেলৱে।
তাৰোপৰি শিলচৰ আৰু গুৱাহাটী যাত্ৰীবাহী ৰেলৰ পথ সলনি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ৰেল বিভাগে। ইতিমধ্যেই বিভাগে ক্ষতিগ্ৰস্ত ৰেল লাইনসমূহ মেৰামতিৰ কামৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।