ETV Bharat / city

অসমৰ ব্যক্তিগত চেনেললৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ পত্ৰ - এগৰাকী গৰ্ভৱতী সাংবাদিকক বহিস্কৃত কৰাকলৈ প্ৰতিক্ৰিয়া

অসমৰ ব্যক্তিগত চেনেলক সমালোচনা আগবঢ়ালে ৰাষ্ট্ৰীয় মহিলা আয়োগে ৷ প্ৰেৰণ কৰিলে পত্ৰ ৷ এগৰাকী গৰ্ভৱতী সাংবাদিকক বহিস্কৃত কৰাকলৈ প্ৰতিক্ৰিয়া ৷

এগৰাকী গৰ্ভৱতী সাংবাদিকক বহিস্কৃত কৰাকলৈ প্ৰতিক্ৰিয়া
অসমৰ ব্যক্তিগত চেনেললৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ পত্ৰ
author img

By

Published : May 27, 2020, 6:02 PM IST

নিউজ ডেস্ক, 27 মে': অসমৰ আগশাৰীৰ এক ব্যক্তিগত চেনেলৰ পৰা বহিস্কৃত হ'ল এগৰাকী গৰ্ভৱতী কৰ্মচাৰী ৷ সংবাদ মাধ্যমত 22 মে'ৰ দিনা প্ৰকাশ পাইছিল যে, এগৰাকী জ্যেষ্ঠ মহিলা কৰ্মচাৰীক চেনেলটোৰ তৰফৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছিল ৷ সমগ্ৰ ঘটনাৰ পাচতে বিভিন্নজনে প্ৰতিক্ৰিয়া আগবঢ়োৱাৰ লগতে ক্ষোভ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগে (NCW) ৷

সেয়েহে গুৱাহাটীস্থিত টেলিভিছন চেনেলটোলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগে ৷ তথ্য অনুসৰি, ব্যক্তিগত চেনেলটোয়ে সাংবাদিক হিচাপে কেৱল কাৰ্যক্ষম কৰ্মচাৰীহে বিচাৰে বুলি জনোৱাৰ লগতে মহিলা সাংবাদিক গৰাকীক দৰমহা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু পদত্যাগ কৰিবলৈ বাধ্য কৰোৱায় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.