ETV Bharat / city

মহানগৰীত নৰেশ মিত্ৰ স্মৃতি বক্তৃতামালা ২০২১ আয়োজন

author img

By

Published : Dec 6, 2021, 9:58 PM IST

Updated : Dec 6, 2021, 10:26 PM IST

নৰেশ মিত্ৰ অসমৰ এগৰাকী প্ৰতিভাবান সাংবাদিক আছিল । দুবছৰ পূৰ্বে এক পথ দুৰ্ঘটনাত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অকাল মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল মিত্ৰই ৷ তেওঁৰ স্মৃতিত ইষ্টিটিউট অৱ মিডিয়া এণ্ড ডেভেলপমেন্ট ষ্টাডিছে মহানগৰীত সোমবাৰে এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰে ৷

Naresh Mitra Memorial Lecture 2021 organized in Guwahati
মহানগৰীত নৰেশ মিত্ৰ স্মৃতি বক্তৃতামালা ২০২১ আয়োজন

গুৱাহাটী, 6 নৱেম্বৰ : ইষ্টিটিউট অৱ মিডিয়া এণ্ড ডেভেলাপমেন্ট ষ্টাডিছ (Institute of media & development studies) আৰু সতীৰ্থৰ উদ্যোগত গুৱাহাটীৰ গণেশগুৰিস্থিত লোকনিৰ্মাণ প্ৰেক্ষাগৃহত প্ৰথমবাৰলৈ নৰেশ মিত্ৰ স্মৃতি বক্তৃতামালা ২০২১ অনুষ্ঠিত হয় । অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত বিশিষ্ট পৰিৱেশবিদ আনোৱাৰুদ্দিন চৌধুৰীয়ে (Anwaruddin Choudhury) "উত্তৰ পূৰ্বাঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণ: জলবায়ু পৰিৱৰ্তন আৰু প্ৰত্যাহ্বান" (convervation of wildlife in north-east: Climate change and other emerging challange) শীৰ্ষক বক্তৃতা প্ৰদান কৰে ।

অনুষ্ঠানত আনোৱাৰুদ্দিন চৌধুৰীয়ে (Anwaruddin Choudhury) নৰেশ মিত্ৰৰ লগত হোৱা সানিধ্যৰ কথা সুঁৱৰি কয় যে, নৰেশ মিত্ৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন সাংবাদিক আছিল । লগতে উল্লেখ কৰিলে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বন্যপ্ৰাণী আৰু চৰাই-চিৰিকতিৰ বাবে যথেষ্ট চহকী । চৰাইৰ বিভিন্ন প্ৰজাতি পোৱাৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসম দ্বিতীয় স্থানত আছে । অসম তথা উত্তৰ-পূৰ্বাঞ্চল গঁড়, বন গাহৰি আৰু বনৰীয়া ম’হৰ বাবে বিখ্যাত । অসমত ৩০০ বিধ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহে । কিন্তু এই সকলোবোৰ সংখ্যা লাহে লাহে কমি আহিছে। এইবোৰ পৰিঘটনাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জলবায়ু পৰিৱৰ্তন হোৱাৰ ইংগিত দাঙি ধৰিছে ।

তেওঁ লগতে কয় যে, ইন্ধনৰ অধিক ব্যৱহাৰ আৰু বনধ্বংস কাৰ্যই জলবায়ু পৰিৱৰ্তনৰ সমস্যাক জটিল কৰিছে । তেওঁ Forest survey of India ৰ ২০১৯ চনৰ তথ্য দাঙি ধৰি কয় যে অসমত প্ৰাথমিক বনাঞ্চল ৩.৫ শতাংশহে বাচি আছে । এয়া বৰ উদ্বেগজনক কথা । ইয়াকে লৈ কিন্তু কোনেও একো মাত মতা নাই । তেওঁ বৃহৎ নদী বান্ধৰ বিৰোধীতা কৰি কয় যে- নদীবান্ধৰ প্ৰয়োজন আছে । কিন্তু বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিব নালাগে । সৰু নদীবান্ধ নিৰ্মাণ কৰাৰ প্ৰয়োজন । বক্তাগৰাকীয়ে লগতে কয়, অসমত নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত অতি নিম্নমানৰ Environment impact Assessment (EIA)ৰ কাম কৰা হয় ।

তেওঁ আৰু কয় যে, অসমত তৈল-খেজুৰৰ (Palm oil cultivation) খেতিৰ ক্ষেত্ৰত নিদিষ্ট নীতি-নিয়ম বান্ধি দিয়াৰ প্ৰয়োজন । কাৰণ জধে-মধে কৰা তৈল-খেজুৰৰ (Palm oil cultivation) খেতিয়ে Greenhouse gas বেছিকৈ নিৰ্গত কৰে আৰু পৰিৱেশ দূষিত কৰে । সেয়েহে চৰকাৰে বন্যপ্ৰাণী আৰু পৰিবেশৰ ভাৰসাম্যতা ৰক্ষা কৰি জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে উন্নয়নৰ বাবে গ্ৰহণ কৰা প্ৰকল্পবোৰ যেনে নদীবান্ধ নিৰ্মাণ কৰা, তৈল-খেজুৰৰ (Palm oil cultivation) খেতি কৰা, বিদ্যুৎৰ টাৱাৰ স্থাপন কৰা আৰু ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত সঠিকভাৱে Environment impact Assessment (EIA) কৰা প্ৰয়োজন ।

অনুষ্ঠানৰ আৰম্ভণিতে টাইমছ অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত নৰেশ মিত্ৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয় । অনুষ্ঠানটো আঁত ধৰি বিশিষ্ট সাংবাদিক নয়নজ্যোতি ভূঞাই কয় যে, নৰেশ মিত্ৰ এগৰাকী প্ৰতিভাবান সাংবাদিক আছিল । দুটা বছৰ পূৰ্বে তেওঁ এক অনাংক্ষাকিত মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল । উল্লেখ্য যে, আজি নৰেশ মিত্ৰৰ জন্মদিন । নৰেশ মিত্ৰৰ জন্মদিন উপলক্ষে এই স্মৃতি বক্তৃতামালা আয়োজন কৰা হৈছে । অনুষ্ঠানত ছেমিম চুলতানা আহমেদে সভাৰ উদেশ্য ব্যাখ্যা কৰি কয় যে নৰেশ মিত্ৰ সাহসী আৰু সংবেদনশীল সাংবাদিক আছিল । জ্যেষ্ঠ সাংবাদিক শিৱাশিষ ঠাকুৰে নৰেশ মিত্ৰৰ কৰ্মৰাজীৰ বিষয়ে চমু আলোকপাত কৰে । অনুষ্ঠানত বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকন, ভূপেন ভট্ট আৰু ৰাজনীতিবিদ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : অসম কৃষি বিশ্ববিদ্যালয়ত RAIME, THE STRONGEST VEGETABLE FIBRE শীৰ্ষক গ্ৰন্থ উন্মোচন

Last Updated : Dec 6, 2021, 10:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.