গুৱাহাটী, ৩০ জুলাই : ৫ লাখ আচল টকাৰ বিনিময়ত ১০ লাখ নকল টকা ল’বলৈ গুৱাহাটীলৈ আহিছিল অৰুণাচলৰ সাংসদ তাপিৰ গাৱৰ ভাতৃ তাহং গাও ৷ তাৰ পিছতে সন্ধানহীন হৈছিল তাহং গাও । ঘটনাৰ লগত জড়িত দুজন লোক ক্ৰমে ঢেকিয়াজুলিৰ দিলীপ দাস আৰু লালুকৰ মইনুল হকক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ধৃত অভিযুক্ত দুজনে আচল টকাৰ বিনিময়ত নকল টকা দিয়াৰ চুক্তি কৰিছিল তাহং গাওৰ লগত ৷
সেইমৰ্মে অৰুণাচলৰ পৰা গুৱাহাটীলৈ আহিছিল তাহং গাও ৷ গুৱাহাটীৰ দিছপুৰত প্ৰথমে তাহং গাওৰ সৈতে লগ হৈছিল ধৃত দুয়োজন লোক ৷ পিছত দিছপুৰৰ পৰা নিজৰ কেবত ধৃত দুয়োজনে কোনো অজ্ঞাত স্থানলৈ লৈ গৈছিল তাহং গাওক ৷ তাহং গাওৰ লগত থকা ৫ লাখ টকা কঢ়ি লৈ ভয়-ভাবুকিৰে পিছত পাণবজাৰ এলেকাত ধৃত দুয়োজনে নমাই দিছিল তাহং গাওক ৷
পানবজাৰৰ পৰাই এখন অট'ৰে গৈ তাহং গাওৱে পাইছিল গৈ পাণবজাৰৰ মিনাৰ্ভা হোটেল ৷ দিছপুৰ আৰক্ষীয়ে অভিযান চলায় তাহং গাওক পাণবজাৰৰ পৰা উদ্ধাৰ কৰি সোধপোচ কৰি যাবলৈ দিয়ে । উল্লেখ্য যে সাংসদ তাপিৰ গাৱৰ ভ্ৰাতৃ তাহং গাৱে নিজৰ ব্যক্তিগত তথা ব্যৱসায়িক কাম-কাজৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰে অৰুণাচলৰ পৰা গুৱাহাটীলৈ আহিছিল(Tahang Gaon went from Arunachal for business purpose)।
জানিব পৰা মতে, ভতিজাকৰ সৈতে গুৱাহাটীত থকা তাহঙে শুকুৰবাৰে গণেশগুৰিলৈ ওলাই আহি বন্ধু এজনৰ সৈতে ফোনযোগে যোগাযোগ কৰি সাক্ষাৎ কৰে । চাৰিচকীয়া বাহনেৰে গণেশগুৰিলৈ অহা বন্ধুজনৰ সৈতে কথা পাতি তাহঙে গাড়ীখনত উঠি বন্ধুৰ সৈতে গণেশগুৰিৰ পৰা লাষ্টগেট হৈ খানাপাৰাৰ দিশে ৰাওনা হৈছিল । তাৰ পাছৰে পৰা বিয়লি ৩.৩০ বজাৰ পৰা তাহঙৰ মোবাইলটো বন্ধ আছিল ।
মোবাইল বন্ধ থকাত তাহঙৰ পৰিয়ালৰ লোক উদ্বিগ্ন হৈ দিছপুৰ থানাৰ কাষ চাপি নিৰুদ্দেশ সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল(Family members of Tahang Gaon lodged FIR Dispur police station) ৷ তাৰপাছতেই আৰক্ষীয়ে অভিযান চলাই শনিবাৰে পাণবজাৰৰ মিনাৰ্ভা হোটেলৰ পৰা তাহং গাৱক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : Brother of Arunachal MP rescued in Guwahati: পানবজাৰত উদ্ধাৰ সাংসদ তাপিৰ গাৱৰ ভ্ৰাতৃ