ETV Bharat / city

পুলিচগিৰী নেদেখুৱাব, ৱাৰ্ণিং দিছো : কাক ধমকি দিলে বিধায়ক অমিয় ভূঞাই - Threatening Police officer

চল চাই কঠীয়া পৰাত ওস্তাদ বুলি জনাজাত বিহপুৰীয়াৰ বিজেপি বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ ক্ষমতাই যেন মূৰত ধৰিছে ! কৰ্তব্যৰত আৰক্ষী বিষয়াক ধমক ক্ষমতাৰ ৰাগীত বলিয়ান বিধায়ক অমিয় ভূঞাৰ (Threatening Police officer) ৷

Amiya Kumar Bhuyan
আৰক্ষী বিষয়য়াক ভাবুকি বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞাৰ
author img

By

Published : Jan 16, 2022, 3:46 PM IST

Updated : Jan 16, 2022, 4:30 PM IST

গুৱাহাটী, ১৬ জানুৱাৰী : মুখ্যমন্ত্ৰীৰ নাক কাটিলে বিজেপি বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই । প্ৰথমে আছু, তাৰপিছত কংগ্ৰেছ আৰু এতিয়া বিজেপি । চল চাই কঠীয়া পৰাত ওস্তাদ বুলি জনাজাত বিহপুৰীয়াৰ বিজেপি বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ ক্ষমতাই যেন মূৰত ধৰিছে !

বিধায়ক হোৱাৰ ক্ষমতা দেখুৱাই কৰ্তব্যৰত আৰক্ষী বিষয়াক ক্ষমতাৰ ৰাগিত বলিয়ান বিধায়কগৰাকীয়ে টেলিফোনত ভাবুকি দিয়াৰ কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে গাঁতত সোমাইছে বিধায়কজন (MLA Amiya Bhuyan's call record viral)।

কাক ধমকি দিলে বিধায়ক অমিয় ভূঞাই

গুৱাহাটীৰ ৰাজপথত মাজনিশা স্বয়ং মুখ্যমন্ত্ৰীয়েই সুৰাপান কৰি যান-বাহন চলোৱাসকলৰ বিৰুদ্ধে অভিযানত নমাৰ বিপৰীতে তেওঁৰেই দলৰ সতীৰ্থ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই কৰ্তব্যৰত আৰক্ষী বিষয়াক ফোনত ভাবুকি দিয়ে আটক কৰা তিনিজন যুৱকক শীঘ্ৰে এৰি দিবলৈ । কাৰণ তিনিওজন হেনো "তেওঁৰ মানুহ" ।

উৰুকাৰ নিশা সুৰাপান কৰি বাহন চলোৱা আৰু মাধৱদেৱ কলাক্ষেত্ৰত উপদ্ৰৱ চলোৱাৰ অভিযোগত নাৰায়ণপুৰ থানাই দীপাংকৰ হাজৰিকা, ভাস্কৰ হাজৰিকা আৰু চিন্তু বৰুৱা নামৰ যুৱক তিনিজনক আটক কৰিছিল । তাতেই লাগিল জগৰ ।

হৰেণ দেউৰী নামৰ এজন বিজেপি নেতাৰ ম’বাইল ফোনৰ পৰা বিধায়ক ভূঞাই ফোন কৰিলে নাৰায়ণপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্পকমল বৰালৈ । বিধায়কজনে আৰক্ষী বিষয়াগৰাকীক ফোনত দিয়া ভাবুকি আছিল এনেধৰণৰ - " মোক ৬০ হাজাৰ মানুহে ভোট দিছে । আপুনি পুলিচগিৰী নেদেখুৱাব । ৬০ হাজাৰ মানুহে আপোনাক পিটিকা মাৰি মাৰি পেলাব ।

ইয়াত আৰু বেছি পুলিচগিৰী নকৰিব আপুনি । মোৰ ল'ৰা কিয় পিকআপ কৰিছে ? আপোনাৰ কাৰণে মোৰ বদনাম হৈছে । আপুনি ইয়াত দিগদাৰী কৰি নাথাকিব । এতিয়ালৈকে মই চি এমক কোৱা নাই । আপোনাক লাষ্ট টাইমৰ কাৰণে মই কৈ দিলো ..... ।"

লগতে পঢ়ক: কংগ্ৰেছৰ ডাঙৰ নেতাই গোপনে সম্পৰ্ক ৰাখিছে মুখ্যমন্ত্ৰী হিমন্তৰ সৈতে : বিধায়ক শশীকান্ত দাস

Last Updated : Jan 16, 2022, 4:30 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.