গুৱাহাটী,২২ মাৰ্চ: অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রীৰ দায়িত্ব দিয়া হৈছে মীৰা বৰঠাকুৰক(Mira Borthakur is new President of Assam Pradesh Mahila Congress) । এক বিবৃত্তি যোগে এই কথা জনাইছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে । নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ মীৰা বৰঠাকুৰক অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী হিচাপে নিযুক্তি প্ৰদান কৰে ।
নতুন দায়িত্ব লাভ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মীৰা বৰঠাকুৰে কয় ‘‘মোক এই গধুৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৃন্দৰ ওচৰত মই চিৰকৃতজ্ঞ । মোৰ বিশ্বাস দলৰ নেতৃত্বৰ পৰামৰ্শ তথা দলৰ আদৰ্শ আগত ৰাখি অসম আৰু অসমীয়াৰ ক্ষতি নোহোৱাকৈ দলটোক শক্তিশালী কৰি মাতৃ সমাজক প্ৰতিনিধিত্ব কৰিবলৈ সংকল্পবদ্ধ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতিৰে সকলোৰে দিহা পৰামৰ্শ ও আশীৰ্বাদ বিচাৰিছোঁ’’ ৷
উল্লেখ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে বিজেপিৰ পৰা বহিষ্কৃত হোৱাৰ পাছত মীৰা বৰঠাকুৰে কংগ্ৰেছত যোগদান কৰিছিল । বিগত বিধানসভা নিৰ্বাচন(Assam Assembly Election 21)ত তেওঁ কংগ্ৰেছৰ হৈ পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ।
লগতে পঢ়ক: অথন্তৰ : ওলোটাকৈ দলীয় পতাকা উত্তোলন কৰিলে আঙুৰলতা ডেকাই