ETV Bharat / city

কাৰ্যালয়ত কৰ্মচাৰী নাই; মন্ত্ৰীয়ে কৰ্তন কৰিলে এদিনৰ দৰমহা - মথাউৰি নিৰ্মাণ

চানমাৰি স্থিত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত চাডেন ভিজিট মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ কাৰ্যালয়ত কোনো আবেদন নকৰাকৈ অনুপস্থিত 14 গৰাকী কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন ৷ কাৰ্যালয়টোৰ সকলো কৰ্মচাৰীকে কৰ্ম-সংস্কৃতি ঘূৰাই আনিবলৈ আহ্বান জনালে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

minister pijush hazarika
মন্ত্ৰীয়ে কৰ্তন কৰিলে এদিনৰ দৰমহা
author img

By

Published : Aug 19, 2021, 7:42 PM IST

গুৱাহাটী, 19 আগষ্ট : গুৱাহাটীৰ এটা চৰকাৰী কাৰ্যালয়ৰ 14 জনকৈ কৰ্মচাৰীয়ে হেৰুৱালে এদিনৰ দৰমহা ৷ তেওঁলোকে হয়তো ভাবিবই পৰা নাছিল যে, এনে এটা দিনৰ মুখামুখি হ’ব লাগিব কেতিয়াবা ৷ কাৰ্যালয়টো হৈছে চানমাৰিস্থিত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয় ৷ বৃহস্পতিবাৰে হঠাৎ কাৰ্যালয়টো পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰী অহাৰ লগে লগে কাৰ্যালয়টোত লাগিল হুৱা-দুৱা ৷

প্ৰতিটো কোঠাত সোমাই পৰিদৰ্শন কৰিলে পীযুষ হাজৰিকাই ৷ পিচে তেতিয়ালৈকে কাৰ্যালয়টোত উপস্থিত হোৱা নাছিল একাংশ কৰ্মচাৰী ৷ মন্ত্ৰীৰ চকুৰ আগত কেৱল পৰি ৰৈছিল খালী চকী-মেজ সমূহ ৷ নিজৰ বিভাগৰ কৰ্মচাৰীৰ এই নমুনা দেখি খৰ্গহস্ত হৈ পৰে মন্ত্ৰী হাজৰিকা ৷ কাৰ্যালয়টোত আছে মুঠ 357 গৰাকী কৰ্মচাৰী ৷ তাৰে বৃহস্পতিবাৰে অনুপস্থিত আছিল 24 গৰাকী ৷ কিন্তু ইয়াৰে 14 গৰাকীয়েই দিয়া নাছিল ছুটীৰ কোনো আবেদন ৷

জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত চাডেন ভিজিট মন্ত্ৰী পীযুষ হাজৰিকাৰ

লগতে পঢ়ক : চিয়াং নদীৰ বাঢ়নী পানীত ককবকাইছে কুৰিৰো অধিক পৰিয়ালে

লগে লগেই মন্ত্ৰীয়ে দিলে নিৰ্দেশ ৷ মন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী এদিনৰ দৰমহা কৰ্তন কৰা হ’ল কোনো কাৰণ নজনোৱাকৈ ছুটীত থকা 14 গৰাকী কৰ্মচাৰীৰ ৷ কাৰ্যালয়টোৰ সকলো কৰ্মচাৰীকে কৰ্ম-সংস্কৃতি ঘূৰাই আনিবলৈ আহ্বান জনাই মন্ত্ৰী পীযুষ হাজৰিকাই ৷

বান আৰু গৰাখহনীয়াই বিধ্বস্ত কৰা অসমৰ বাবে জলসম্পদ বিভাগ হৈছে অতি গুৰুত্বপূৰ্ণ এটা বিভাগ ৷ বানে ৰাজ্যৰ বিভিন্ন স্থানত ইতিমধ্যে তাণ্ডৱ আৰম্ভ কৰিছে ৷ তাৰোপৰি বছৰৰ প্ৰায় সকলো সময়তেই খহনীয়াৰ কৱলত পৰি মাটি-ভেটি হেৰুৱাই আহিছে একাংশ নৈ পৰীয়াই ৷ তেনে ক্ষেত্ৰত জলসম্পদ বিভাগে বান-গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ খবৰে ইতিমধ্যেই বদনামী কৰিছে বিভাগটোক ৷ তাৰ মাজতে কাৰ্যালয়ত কোনো কাৰণ নোহোৱাকৈ এইদৰে কৰ্মচাৰী অনুপস্থিত থকা ঘটনাই বিভাগটোৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ৷

খহনীয়া নিয়ন্ত্ৰণৰ বাবে নৈপৰীয়া অঞ্চলত বিভাগে মথাউৰি নিৰ্মাণ তথা মেৰামতি কৰিছে যদিও বহু ঠাইত ইতিমধ্যে সেই সমূহ নৈৰ বুকুত বিলীন হৈছে ৷ বেঁকী নৈ, আই নদী, মানাহ, ধনশিৰী, ৰঙানদী আদি বহুকেইখন নদীৰ খহনীয়াৰ ফলত ঘৰ-বাৰী এৰিছে অসংখ্য লোকে ৷ তাৰ লগে লগে সকলোৱে অভিযোগ তুলিছে যে, অতি নিম্নমানৰ মেৰামতি তথা নিৰ্মাণৰ কাম কৰাৰ বাবেই প্ৰতিবছৰে এইদৰে যাতনা ভুগিব লগীয়া হৈছে নৈ-পৰীয়া ৰাইজে ৷ আঙুলি উঠিছে জলসম্পদ বিভাগৰ বিৰুদ্ধে ৷ গতিকে একপ্ৰকাৰ দুৰ্নামত ডুব যোৱা এই বিভাগটোক এতিয়া উদ্ধাৰৰ বাবে যেন তৎপৰ হৈ পৰিছে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ৷

লগতে পঢ়ক : কলগাছিয়াত অব্যাহত বেকী নৈৰ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.