ETV Bharat / city

এতিয়া আন্দোলনৰ পাচত কোনেও দৌৰিব নিবিচাৰে মন্তব্য জয়ন্তমল্ল বৰুৱাৰ

author img

By

Published : Aug 16, 2022, 9:23 PM IST

‘কা’ আন্দোলনৰ প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া (Jayanta Malla Baruah react on CAA protest)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া বিকাশৰ মহাযজ্ঞ আৰম্ভ হৈছে আৰু বিকাশৰ এই যজ্ঞত নিজকে সমৰ্পিত কৰাৰ কথা ৰ‍াইজক ক’ব লাগে । এতিয়া আন্দোলনৰ পাচত কোনেও দৌৰিব নিবিচাৰে । দৌৰি থকা 5-10 জনক টেলিভিচনত নেদেখুৱালে তেওঁলোকেও আন্দোলনৰ প‍াচত দৌৰা বন্ধ কৰি দিব ।

Jayanta Malla Baruah react on CAA protest
এতিয়া আন্দোলনৰ পাচত কোনেও দৌৰিব নিবিচাৰে মন্তব্য জয়ন্তমল্ল বৰুৱাৰ

গুৱাহাটী, ১৬ আগষ্ট : প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত এতিয়া উন্নয়নৰ চিন্তা কৰিব লাগে আন্দোলনৰ নহয় । এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ । সদৌ অসম ছাত্ৰ সন্থাই বুধবাৰৰ পৰা নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ হুংকাৰ দিয়া প্ৰসংগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী বৰুৱাই (Jayanta Malla Baruah react on CAA protest) ।

মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, যিকোনো সংগঠনেই নহওক কিয় এতিয়া অসমৰ ৰাইজ উন্নয়নৰ পক্ষত আছে । সেই কথা বিগত তিনিটা দিনত অসমবাসীয়ে ভাৰতৰ ৰাষ্ট্ৰবাদৰ প্ৰতি দেখুওৱা ৰাষ্ট্ৰপ্ৰেমে প্ৰমাণ কৰিছে । ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি অসমৰ ৰাইজে আগবঢ়োৱা অভূতপূৰ্ব সমৰ্থনৰ পাচত অসমৰ ৰাইজক আন্দোলনৰ কথা ক’ব লাগে নেকি বুলি তেওঁ প্ৰশ্ন কৰে ।

লগতে পঢ়ক : ভাৰত চীন যুদ্ধকে ধৰি বহুকেইখন যুদ্ধৰ অভিজ্ঞতা বৰ্ণনা কৰিলে প্ৰাক্তন সেনা বিষয়া ডি বি লামাই

তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া বিকাশৰ মহাযজ্ঞ আৰম্ভ হৈছে আৰু বিকাশৰ এই যজ্ঞত নিজকে সমৰ্পিত কৰাৰ কথা ৰ‍াইজক ক’ব লাগে । এতিয়‍া উন্নয়নৰ কাম কৰিব লাগে বুলি সদৰী কৰি তেওঁ কয় যে, এতিয়া আন্দোলন নহয় । আন্দোলন কৰি জাতিটোক বহু বছৰ পিছুৱাই দিয়া হ’ল আৰু এতিয়া পিছুৱাই দিয়াৰ সময় নহয় ।

এতিয়া আন্দোলনৰ পাচত কোনেও দৌৰিব নিবিচাৰে আৰু যি 5-10 জনে দৌৰি থাকে তেওঁলোকক টেলিভিচনত নেদেখুৱালে তেওঁলোকেও আন্দোলনৰ প‍াছত দৌৰা বন্ধ কৰি দিব বুলি তেওঁ মন্তব্য কৰে । তেওঁ কয় যে, আন্দোলন কৰি ডাঙৰ নেতা বুলি ভৱাসকলৰ লগত আচলতে কোনো মানুহ নাই ।

2019 চনত হোৱা ব্যাপক আন্দোলনৰ প্ৰসংগত তেওঁ কয় যে, সেই সময়ত মানুহে বুজা নাছিল, এতিয়া আমি মানুহক বুজাই দিলো । অসমৰ ৰাইজক বিপথে পৰিচালিত কৰা হৈছিল বুলি সদৰী কৰি তেওঁ কয় যে, মানুহক আমি বুজাই দিয়াৰ বাবেই বিজেপিক ভোট দি জয়ী কৰিলে ।

লগতে পঢ়ক : কা আন্দোলনত নিহতসকলৰ ক্ষেত্ৰত তদন্ত সম্পূৰ্ণ নকৰাটো অক্ষমণীয় ক্ৰুটি আখ্যা হীৰেন গোঁহাইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.