ETV Bharat / city

প্ৰতি ঘণ্টাত ৫ ছেন্টিমিটাৰকৈ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলস্তৰ - ব্ৰহ্মপুত্ৰৰ জলস্তৰ

এফালে কৰ'ণা ভাইৰাছৰ আতংক, আনফালে বানপানী, ভূতৰ ওপৰত দানহ পৰা দি আহিছে ৰাজ্যবাসীৰ বাবে বানপানী । বিগত কিছুদিন ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ নৈ-উপনৈ সমূহ উফন্দি উঠিছে ।

প্ৰতি ঘণ্টাত ৫ ছেন্টিমিটাৰকৈ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলস্তৰ

author img

By

Published : May 26, 2020, 11:29 PM IST

গুৱাহাটী, 26 মে' : গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ভয়াৱহভাৱে বৃদ্ধি পাইছে । প্ৰতি ঘণ্টাত 1ৰ পৰা 5 ছেন্টিমিটাৰ বৃদ্ধি পাইছে মহানগৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ । আগন্তুক দুই-তিনি দিনৰ ভিতৰত বিপদ সীমা অতিক্ৰম কৰিব পাৰে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । নেৰানেপেৰা বৰষুণৰ ফলতে এইদৰে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ।

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ

এফালে কৰ'ণা ভাইৰাছৰ আতংক, আনফালে বানপানী, ভূতৰ ওপৰত দানহ পৰা দি ৰাজ্যবাসীৰ বাবে আহিছে বানপানী । কিছুদিন ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ নৈ-উপনৈ সমূহ উফন্দি উঠিছে । বছৰৰ প্ৰথমটো বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ইংগিত প্ৰদান কৰিছে । ৰাজ্যৰ কেইবাখনো জিলাৰ বাসিন্দা ককবকাইছে বানপানীত । গোৱালপাৰা, লখিমপুৰ, শোণিতপুৰত ইতিমধ্যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বছৰৰ প্ৰথমটো বানে । মহানগৰী গুৱাহাটীতো ব্ৰহ্মপুত্ৰৰ নদীৰ জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ।

যোৱা ১৬ মে'ৰ পৰা মঙলবাৰৰ দিনটোলৈকে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পাই স্পর্শ কৰিছে ৪৬.৫৪ মিটাৰৰ ঘৰ । গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বিপদ সীমাৰ পৰা ৩.১৪ মিটাৰ তলত বৈ আছে । প্ৰতিদিনে গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ঘণ্টাত ১ ৰ পৰা ৫ ছেন্টিমিটাৰ বৃদ্ধি পাইছে । কেন্দ্ৰীয় জল আয়োগৰ কৰ্মীয়ে জানিবলৈ দিয়া মতে যদি ৰাজ্যত বৰষুণৰ মাত্ৰা বৰ্তমানৰ দৰে অব্যাহত থাকে তেন্তে আগন্তুক দুই-তিনি দিনৰ ভিতৰৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদ সীমা অতিক্ৰম কৰিব ৷

প্ৰতিঘন্টাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিলৈ যদি লক্ষ্য কৰা যায় তেন্তে বৰ্তমান ৰাজ্যৰ 7 খনকৈ জিলা বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈছে । গোৱালপাৰা, লখিমপুৰ, শোণিতপুৰ, দৰং, নলবাৰী, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ 229 খন গাঁৱৰ 17 খনকৈ ৰাজহ চক্ৰৰ প্ৰায় 1,94,916 গৰাকী লোক বানপানীৰ ফলত প্ৰভাৱিত হৈছে । শোণিতপুৰত জীয়া ভৰালী নৈ আৰু নিমাটিঘাটত ব্ৰহ্মপুত্ৰ নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.