ETV Bharat / city

আন্তঃৰাষ্ট্ৰীয় ডবা চেম্পিয়নশ্বিপৰ বাবে মনোনীত গুৱাহাটীৰ শিশু

ডবা খেলি বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে মহানগৰীৰ আদাবাৰী তিনিআলীৰ মায়াংক চক্ৰৱৰ্তী নামৰ এটি ১০ বছৰীয়া শিশুৱে ৷ ছাউথ পইন্ট স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ মায়াংক মনোনীত হৈছে "বিশ্ব কেদেটছ ডবা চেম্পিয়নশ্বিপ 2019" প্ৰতিযোগিতালৈ ৷

চীনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ডবা চেম্পিয়নশ্বিপৰ বাবে মনোনীত গুৱাহাটীৰ কণমানি
author img

By

Published : Aug 3, 2019, 10:52 AM IST

গুৱাহাটী, 3 আগষ্ট : ডবা খেলি বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে মহানগৰীৰ আদাবাৰী তিনিআলীৰ মায়াংক চক্ৰৱৰ্তী নামৰ এটি ১০ বছৰীয়া শিশুৱে ৷ ছাউথ পইন্ট স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ মায়াংক মনোনীত হৈছে "বিশ্ব কেডেটছ ডবা চেম্পিয়নশ্বিপ 2019" প্ৰতিযোগিতালৈ ৷ ২১ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ চীনত অনুষ্ঠিত হ'ব এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন ৷ কিন্তু এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ মহানগৰীৰ ছাত্ৰজনে সুযোগ পোৱাৰ পিছতো সহায়ৰ হাত আগবঢ়োৱা নাই চৰকাৰে ৷ যাৰ বাবে উপযুক্ত প্ৰশিক্ষণ অবিহনে নিজৰ প্ৰস্তুতি চলাই আছে মায়াংক চক্ৰৱৰ্তীয়ে ৷ উল্লেখযোগ্য ইতিমধ্যে কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডবা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে মায়াংকে । শেহতীয়াকৈ শ্ৰীলংকাত অনুষ্ঠিত এছিয়ান য়ুথ ডবা চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মায়াংক চক্ৰৱৰ্তীয়ে ৷

1
মায়াংক চক্ৰৱৰ্তী

Intro:Gfx- 1) এইবাৰ ডবা খেলৰ জৰিয়তে বিশেষ সাফল্য অসম সন্তানৰ।
2) চীনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ মনোনীত মহানগৰীৰ এগৰাকী কণমানি।
3) ইন্টাৰনেট ব্যৱহাৰ কৰি আগবঢ়াইছে প্ৰস্তুতি।
4) ধোঁৱাচাঙত ক্ৰীড়া বিভাগৰ বিভিন্ন আঁচনি।

V/O1- চেচ খলি বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে মহানগৰীৰ আদাবাৰী তিনিআলীৰ মায়াংক চক্ৰৱৰ্তী নামৰ এটি ১০বছৰীয়া শিশুই। ছাউথ পইন্ট স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ মায়াংক মনোনীত হৈছে World cadets chess championship 2019 প্ৰতিযোগিতালৈ। ২১ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ চীনত অনুষ্ঠিত হ'ব এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনি। এই প্ৰতিযোগিতাৰ বাবে এতিয়া প্ৰস্তুতি চলাই আছে কণমানি মায়াঙে।
Byte- Mayank Chakrabarty Body:V/O2- এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ মহানগৰীৰ কণমানিটোৱে সুযোগ পাইছে যদিও কোনো সংগঠন অথবা চৰকাৰে সহায়ৰ হাত আগবঢ়োৱা নাই। যাৰ বাবে কোচিং অবিহনে নিজৰ প্ৰস্তুতি চলাই আছে মায়াংক চক্ৰৱৰ্তীয়ে। কিতাপ অথবা ইন্টাৰনেটযোগে খেলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে কণমানি মায়াংকে। ইফালে ইতিমধ্যেই কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেচ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে কেশৱ চক্ৰৱৰ্তীৰ একমাত্ৰ সন্তান মায়াংক চক্ৰৱৰ্তীয়ে। শেহতীয়াকৈ শ্ৰীলংকাত অনুষ্ঠিত এছিয়ান য়ুথ চেচ চেম্পিয়নছিপত চিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছিল মায়াংক।
Byte- monomita chakrabarty(mother)

End V/O- ইমান কম বয়সতে এনে সফলতা লাভ কৰাটো দেশৰ লগতে অসমৰ বাবেই সচাঁই গৌৰৱৰ বিষয়। অন্য খেলসমূহৰ দৰে ডবা খেলক তথা খেলুৱৈসকলক আগুৱাই যোৱাৰ ক্ষেত্ৰত চৰকাৰে সহায় কৰিব লাগে বুলি কয় মাতৃ মনোমীতা চক্ৰৱৰ্তীয়ে। এনে প্ৰতিভান খেলুৱৈক চৰকাৰে গুৰত্ব দিলে হয়টো আৰু অধিক সুনাম কঢ়িয়াই আনিব পাৰিব। কণমানি মায়াংকলৈ আমাৰ ফালৰ পৰাও থাকিল শুভকামনা।
(package story) Conclusion:Hirul Haque
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.