ETV Bharat / city

বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ পৰলোকপ্ৰাপ্তি

author img

By

Published : Aug 25, 2020, 11:55 AM IST

অসমৰ লোক সংস্কৃতিৰ সাধক মন্মথ বৈশ্যৰ দেহাৱসান। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট গীতিকাৰগৰাকী। গুৱাহাটী হেলথ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

অসমৰ লোক সংস্কৃতিৰ সাধক মন্মথ বৈশ্যৰ পৰলোকপ্ৰাপ্তি

গুৱাহাটী, ২৫ আগষ্ট : অসমৰ সংগীত জগত উকা কৰি চিৰবিদায় মাগিলে বিশিষ্ট গীতিকাৰ, সংগীত পৰিচালক মন্মথ বৈশ্যই। সোমবাৰে গুৱাহাটী হেলথ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে লোক সংস্কৃতিৰ সাধকগৰাকীয়ে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। অৱশেষত সোমবাৰে নিশা মৃত্যুৰে হাৰ মানিলে বিশিষ্ট গীতিকাৰগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ ৷ মন্মথ বৈশ্যই অ' ফুলেশ্বৰি বুকুৰে লগৰী, বেলি গ'ল গধূলি হ'লকে ধৰি শতাধিক জনপ্ৰিয় গীত আগবঢ়াইছে অসমৰ সংগীত জগতলৈ। নামামী ব্ৰহ্মপুত্ৰৰ থিম ছং ৰচনা কৰিছিল বৰ্ষীয়ান গীতিকাৰগৰাকীয়ে। যোৱা ১৫আগষ্টৰ পৰা হেলথ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল। সংগীত সাধনাৰে অসমৰ সংগীত জগত সমৃদ্ধ কৰা সংগীত পৰিচালকগৰাকীৰ মৃত্যুৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে সমগ্ৰ শিল্পী সমাজত। মন্মথ বৈশ্যৰ বৰপেটাৰ কেওঁতকুছিৰ বাসগৃহৰ লগতে গুৱাহাটীৰ বেলতলাৰ বাসগৃহতো বৰ্তমান শোকাকুল পৰিবেশে বিৰাজ কৰিছে। বিশিষ্ট সুৰকাৰ, গীতিকাৰ মন্মথ বৈশ্যৰ মৃত্যু অসমৰ সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতি।

লগতে পঢ়ক : বিশ্বনাথত লুইতৰ বুকুত ২০ খনৰো অধিক গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.