গুৱাহাটী,৪ আগষ্ট: বাৰ্থডে’ পাৰ্টী উদযাপন কৰিবলৈ আহি গুলীবিদ্ধ হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন এগৰাকী লোক ৷ মহানগৰীৰ চান্দমাৰীস্থিত আশীৰ্বাদ এপাৰ্টমেণ্টত বৃহস্পতিবাৰে নিশা এই ঘটনা সংঘটিত হয় ৷
তথ্য অনুসৰি এপাৰ্টমেণ্টটোৰ বাসিন্দা তথা অধিবক্তা দামোদৰ ডেকাৰ জন্মদিন উদযাপন কৰাৰ উদ্দেশ্যে ডেকাৰ ঘৰত এক পাৰ্টীৰ আয়োজন কৰা হৈছিল ৷ পাৰ্টীত উপস্থিত আছিল আন এজন অধিবক্তা কিৰণ বনীয়া, ব্যৱসায়ী লীলা মাধৱ শইকীয়া আৰু মিন্টু হাজৰিকা নামৰ এজন লোক ৷ পাৰ্টী চলি থকাৰ সময়তে কিৰণ বনিয়া আৰু মিন্টু হাজৰিকাৰ মাজত কিবা কথাত কাজিয়াৰ সূত্ৰপাত হয় ৷ তাৰ পাছতে ব্যৱসায়ী লীলা মাধৱ শইকীয়াৰ ব্যক্তিগত ৰিভলভাৰেৰে কিৰণ বনিয়াই মিন্টু হাজৰিকালৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷
গুৰুতৰভাৱে আহত হাজৰিকা বৰ্তমান মহানগৰীৰ জি এন আৰ চি চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ ঘটনা সন্দৰ্ভত চান্দমাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই মুহুৰ্তলৈকে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন হোৱা নাই ৷
লগতে পঢ়ক: সমাগত বিশ্বকৰ্মা পূজা: মৃৎ শিল্পীসকলৰ মাজত পূৰ্বৰ দৰে নাই উছাহ