গুৱাহাটী, 19 অক্টোবৰ: MTV ত অসমীয়া ভাষাত ৰেপ গাই জনপ্ৰিয়তা বুটলিলে মাজুলীৰ যুৱকে ৷ মাজুলীৰ গড়মূৰ সত্ৰৰ মান বৰা নামৰ এজন যুৱকে MTV ৰ Hustleনামৰ এটি অনুষ্ঠানত ৰেপ গান গোৱাৰ বাবে আমন্ত্ৰণ জনাইছিল চেনেলটোৱে ৷ উক্ত অনুষ্ঠানটোত যোৱা ১২ অক্টোবৰ তাৰিখে আন আন ৰাজ্যৰ শিল্পীৰ লগতে মান বৰাৰো হিপহপ ৰেপ গানৰ অনুষ্ঠান সম্প্ৰচাৰ হৈছিল ৷ ইয়াৰ পাচতে অসমৰ চাৰিওফালে জনপ্ৰিয় হৈ পৰা মান বৰাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে অসমৰ দৰ্শক ৷
উল্লেখযোগ্য যে,মান বৰাই হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়াত ৰেপ গীত পৰিৱেশন কৰা প্ৰথমজন অসমীয়া ৰেপাৰ ৷ মুম্বাইৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতেই মুম্বাইৰ অভিজ্ঞতাৰ কথা ই টিভি ভাৰতৰ সাংবাদিকৰ আগত জনায় যুৱকগৰাকীয়ে। প্ৰতিভাৱান মান বৰাই ভৱিষ্যতেও অসমৰ কলা-কৃষ্টি ৰেপ সংগীতৰ জৰিয়তে বিশ্বৰ আগত দাঙি ধৰিব বুলি পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে ৷