ETV Bharat / city

ৰাজ্যজুৰি পালন কৰা হ'ল মহাপুৰুষ মাধৱদেৱৰ তিথি

মঙলাবাৰে মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি। পৱিত্ৰ ভাদ মাহত নামকীৰ্তনৰ ধ্বনিৰে চৌদিশ মুখৰিত হৈ থকাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভক্তপ্ৰাণ ৰাইজে পালন কৰিছে মহাপুৰুষ জনাৰ তিথি।

author img

By

Published : Aug 20, 2019, 8:00 PM IST

Updated : Aug 20, 2019, 8:22 PM IST

ৰাজ্যজুৰি মঙলবাৰে পালন কৰা হ'ল মহাপুৰুষ মাধৱদেৱৰ তিথি

নিউজডেস্ক,20আগষ্টঃ মঙলবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে মহাপুৰুষ মাধৱদেৱৰ তিথি ৷ মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষ্যে নাম-কীৰ্তন,হৰিধ্বনিৰে মুখৰ হৈ পৰিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ ৷ মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ জন্মস্থান নাৰায়ণপুৰৰ লেটেকুপুখুৰীত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় মহাপুৰুষ মাধৱদেৱৰ ৪২৩ সংখ্যক পবিত্ৰ তিৰোভাৱ তিথি ৷ সমগ্ৰ নাৰায়ণপুৰবাসীৰ লগতে দূৰ-দূৰণিৰ ভকত বৈষ্ণৱ সমবেত হৈ গুৰুজনাৰ তিৰোভাৱ তিথি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় ৷ ইপিনে মহাপুৰুষ মাধৱদেৱৰ তিথি উপলক্ষে মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত পুৱাৰে পৰা নিশা দুপৰলৈ চাৰি নাম চৈধ্য প্ৰসংগ খোল তাল বৰগীতৰ অমীয়া সুৰে মুখৰিত হৈ থাকিব। মাজুলীৰ ভোগপুৰ,উত্তৰ কমলাবাৰী,নতুন কমলাবাৰী,সত্ৰত ৪ দিনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ তিথি উদযাপন কৰিছে ৷ আনহাতে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ সত্ৰশালত মহাপুৰুষ শংকৰদেৱে স্থাপন কৰা ৰামৰাইকুঠী সত্ৰত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ৪২৩তম তিৰোভাৱ তিথি পালন কৰা হয় ৷

পৱিত্ৰ ভাদ মাহৰ নামকীৰ্তনৰ ধ্বনিৰে চৌদিশ মুখৰিত হৈ থকাৰ সময়তে মঙলবাৰে ৰঙিয়াতো ভক্তপ্ৰাণ ৰাইজে পালন কৰিলে মহাপুৰুষ জনাৰ তিথি । গুৰুজনাৰ তিথি উপলক্ষে মঙলবাৰে অসম জাতীয় বিদ্যালয়েও অনুষ্ঠিত কৰিলে মাধৱদেৱৰ তিৰোভাৱ তিথি ৷

Intro:আজি মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি। Body:আজি মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি। পৱিত্ৰ ভাদ মাহত নামকীৰ্তনৰ ধ্বনিৰে চৌদিশ মুখৰিত হৈ থকাৰ সময়তে, আজি ৰঙিয়াতো ভক্তপ্ৰাণ ৰাইজে পালন কৰিছে মহাপুৰুষ জনাৰ তিথি। পুৱাৰ ভাগৰ পৰা ৰঙিয়াৰ তাটিপাৰা, শান্তিপুৰ, সীতাৰাকে ধৰি বহুকেইটা অঞ্চলৰ নামঘৰত নামপ্ৰসংগ চলি আছে। অনুষ্ঠানত বুঢ়া মেঠা সকলৰ লগতে শিশু সকলেও উৎসাহেৰে অংশগ্ৰহণ কৰিছে। বহু অঞ্চলত শোভাযাত্ৰাকে ধৰি বিভিন্ন দিনযোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
Last Updated : Aug 20, 2019, 8:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.