ETV Bharat / city

আজি আনুষ্ঠানিকভাৱে আছু এৰিব লুৰিনজ্যোতি গগৈয়ে

author img

By

Published : Dec 3, 2020, 10:21 AM IST

সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিদায় সম্ভাষণ জনোৱা হ'ব সদ্য পদত্যাগী আছু নেতা লুৰিনজ্যোতি গগৈক ৷ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব বিদায় সভা ।

আজি আনুষ্ঠানিকভাৱে আছু এৰিব লুৰিনজ্যোতি গগৈয়ে
লুৰিনজ্যোতি গগৈ

গুৱাহাটী, 3 ডিচেম্বৰ : বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে আছুৰ পৰা বিদায় ল'ব সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিদায় সম্ভাষণ জনোৱা হ'ব প্ৰাক্তন আছু নেতাগৰাকীক ।

উল্লেখ্য যে, দুলীয়াজানত অনুষ্ঠিত আছুৰ অধিৱেশনত আছু ত্যাগৰ কথা ঘোষণা কৰিছিল লুৰিনজ্যোতি গগৈয়ে । তাৰ পিছত যোৱা 30 নৱেম্বৰত নতুন কমিটীক দায়িত্ব অৰ্পন কৰি আছুৰ দায়িত্ব এৰিছিল লুৰিনে । আজি আছু নেতৃত্বই আনুষ্ঠানিকভাৱে বিদায় দিব প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীক ।

কিছুসময় পিছতে গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব বিদায় সভা । ইফালে লুৰিনৰ লগতে আন আন আছু ত্যাগী বিষয়ববীয়াকো বিদায় সম্ভাষণ জনোৱা হ'ব । উল্লেখযোগ্য যে, আছুৰ পৰা আনুষ্ঠানিকভাৱে অব্যাহতি লৈ চলিত মাহত শিৱসাগৰত অনুষ্ঠিত হ'বলগীয়া অসম জাতীয় পৰিষদৰ অভিবৰ্তনত দলটোত যোগদান কৰিব লুৰিনজ্যোতি গগৈয়ে ।

লগতে পঢ়ক : 7 ডিচেম্বৰৰ পৰা ত্ৰিপুৰাত পুনৰ আৰম্ভ হ'ব বিদ্যালয়-কলেজ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.