ETV Bharat / city

পঞ্চম শ্ৰেণী পৰ্যন্ত বন্ধ থাকিব বিদ্যালয় : জৰুৰী নিৰ্দেশ জাৰি দিছপুৰৰ - assam education department's notice

ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে প্ৰাক্ প্ৰাথমিক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে ৷ পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে প্ৰাক্ প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান ৷

lp school closed due to covid second wave
পঞ্চম শ্ৰেণী পৰ্যন্ত বিদ্যালয় বন্ধ : দেওবাৰে জৰুৰী নিৰ্দেশ জাৰি দিছপুৰৰ
author img

By

Published : Apr 18, 2021, 3:03 PM IST

গুৱাহাটী, ১৯ এপ্ৰিল : অৱশেষত প্ৰাক্ প্ৰাথমিক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে । ক'ভিডৰ সংক্ৰমণ দিনক দিনে ভয়ানকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দেওবাৰ বন্ধৰ দিন হোৱা স্বত্বেও জৰুৰীভাৱে দিছপুৰৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হয় ।

lp school closed due to covid second wave
পঞ্চম শ্ৰেণী পৰ্যন্ত বন্ধ থাকিব বিদ্যালয়

শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই জৰুৰীভাৱে দেওবাৰে জাৰি কৰা এই নিৰ্দেশটোত কোৱা হয় যে, এশতকৈ অধিক ক'ভিড আক্ৰান্ত ৰোগী ধৰা পৰা জিলাসমূহত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰাক্ প্ৰাথমিক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত সকলো বিদ্যালয় বন্ধৰ নিৰ্দেশ দিয়া হৈছে । পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে প্ৰাক্ প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ থাকিব ।

লগতে পঢ়ক : কুম্ভমেলালৈ পৰিদৰ্শন কৰা লোকক চৈধ্যদিন কোৱাৰেন্টাইন থকাৰ নিৰ্দেশ দিল্লী চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.