গুৱাহাটী, 14 ফেব্ৰুৱাৰীঃ 2020-21 বর্ষৰ কেন্দ্ৰীয় বাজেটত গুৰুত্বপূৰ্ণ শিতানবোৰত জনবিৰোধী নীতি গ্ৰহণ কৰি প্ৰস্তুত কৰাৰ অভিযোগত শুকুৰবাৰে বাওঁ গণতান্ত্ৰিক মঞ্চৰ এক বিশাল প্ৰতিবাদী সমদল ৷ মহানগৰীৰ গুৱাহাটী ক্লাৱৰ পৰা উলিওৱা প্ৰতিবাদী সমদলত দহটাকৈ বাওঁপন্থী সংগঠনৰ নেতা-কর্মী সকলে অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে ৰাজপথ ।
কেন্দ্ৰৰ বিজেপি চৰকাৰখনে ঘোষণা কৰা বাজেটৰ জৰিয়তে জনসাধাৰণৰ জীৱন-জীৱিকাৰ ওপৰত ভয়ানক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি বাওঁপন্থী নেতা হেমেন দাসে কয়, কেন্দ্ৰ চৰকাৰখনে বৃহৎ পুঁজিপতি সকলৰ স্বাৰ্থতে কাম কৰি আছে । চৰকাৰেখনে জনসাধাৰণৰ চিন্তা নকৰি এটাৰ পিচত আনটো ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহ বিক্ৰী বা ব্যক্তিগতকৰণ কৰিবলৈ আৰম্ভ কৰিছে ।
ইয়াৰ লগতে, বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনখনৰ জৰিয়তে বিজেপিয়ে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ চেষ্টা চলাইছে । ভাৰতবর্ষৰ বিভিন্ন জাতি, ধৰ্মৰ লোকৰ বাসস্থান আৰু ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়িব নোৱাৰি ইয়াৰ প্ৰমাণ দিল্লী নিৰ্বাচনৰ ফলাফলত বুজিব পাৰি বুলিও মন্তব্য প্ৰকাশ কৰে বাওঁপন্থী নেতাগৰাকীয়ে ।
আনহাতে নিৱনুৱা সমস্যা সমাধানত চৰম ব্যৰ্থ বিজেপি চৰকাৰখনে পূৰ্বতে বিভিন্ন উৎসৱ-পূজা পাতি জনসাধাৰণক ব্যস্ত কৰি ৰাখিছিল আৰু এতিয়া নাচ-গানত জনসাধাৰণক ব্যস্ত কৰাৰ চেষ্টা চলাইছে বুলি কয় চৰকাৰখনক তীব্ৰ সমালোচনা কৰে হেমেন দাসে ।