ETV Bharat / city

চৰকাৰে আইন উলংঘন কৰিলে গণতন্ত্ৰ কেনেকৈ বাচিব: দেৱব্ৰত শইকীয়া - Duloo tea garden eviction

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল ৷ বটদ্ৰৱা কাণ্ডৰ ন্যায়াধীশ পৰ্যায়ৰ তদন্তৰ দাবী কৰিলে বিৰোধীদলপতিজনে (Debabrat Saikia on Batadrava incident)৷ উচ্ছেদ অভিযান সন্দৰ্ভতো অসন্তুষ্টি প্ৰকাশ ৷

Batadrava police station burnt
দেৱব্ৰত শইকীয়াৰ সংবাদমেল
author img

By

Published : May 24, 2022, 8:51 PM IST

গুৱাহাটী, ২৪ মে': বটদ্ৰৱা কাণ্ডৰ (Batadrava police station burnt) তদন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা কৰোৱাৰ বাবে দাবী জনাইছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । মঙলবাৰে বটদ্ৰৱাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, আৰক্ষীৰ জিম্মাত এজনৰ মৃত্যু হোৱাটো এটা অপৰাধ আৰু আইন হাতত তুলি লোৱাসকলো অপৰাধী । দুয়োপক্ষই সমানে জগৰীয়া । ন্যায়িক তদন্ত হ'লে গোটেই কথাখিনি পোহৰলৈ আহিব বুলি উল্লেখ কৰে দেৱব্ৰত শইকীয়াই । ঘটনাটোক বিভিন্ন পক্ষই বিভিন্ন দৃষ্টিৰে চাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে, কোনেও যাতে ধাৰণাৰ ভিত্তিত উত্তেজনাৰ সৃষ্টি নকৰে ।

আনহাতে, দুদিনৰ বাবে বৰাক উপত্যকা ভ্ৰমণ কৰা সন্দৰ্ভত তেওঁ কয় যে, বৰাকৰ বানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে (Flood in Barak valley)। শ্লুইছ গেট সমূহ খুলি নিদিয়া বাবে পানী আৱদ্ধ হৈ আছে অঞ্চলসমূহত (Congress visits flood effected areas in Barak)। তাৰোপৰি আশ্ৰয় শিবিৰ সমূহত খাদ্যৰ অভাৱ আছে বুলি সদৰি কৰি বিৰোধী দলপতিজনে কয় যে চৰকাৰে বানাক্ৰান্তক প্ৰয়োজনীয় সা-সুবিধা যোগান ধৰা নাই । চৰকাৰে পুঁজিৰ অভাৱ নাই বুলি কয় যদিও কিবা দুৰ্যোগ হ'লে পুঁজি বিচাৰে ।

দেৱব্ৰত শইকীয়াৰ সংবাদমেল

তেওঁ লগতে কয় যে, বহু শিতানত কেন্দ্ৰীয় চৰকাৰে পুঁজি নিদিয়াৰ বাবে সমস্যাৰ সৃষ্টি হৈছে । এইক্ষেত্রত অসম চৰকাৰে কেন্দ্ৰৰ লগত যোগাযোগ কৰি পুঁজি অনাৰ ব্যৱস্থা কৰিব লাগে বুলি শইকীয়াই উল্লেখ কৰে ।

শেহতীয়া উচ্ছেদ প্ৰসংগত দেৱব্ৰত শইকীয়াই কয় যে, উচ্ছেদৰ পূৰ্বে সংস্থাপন তথা উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব । তদুপৰি আইন অনুসৰি উচ্ছেদ হ'ব লাগিব বুলিও তেওঁ উল্লেখ কৰে । বৰাকৰ ড’লু চাহ বাগিচাৰ উচ্ছেদ (Duloo tea garden eviction) সন্দৰ্ভত শইকীয়াই কয়, প্ৰকৃতি ৰক্ষা কৰি উন্নয়ন কৰিব লাগে । অন্যথা এনে উন্নয়নে বিপদ আনিব । চৰকাৰে আইন উলংঘন কৰিলে গণতন্ত্ৰ কেনেকৈ বাচি থাকিব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

লোকসভাৰ প্ৰতিনিধি দল এটাই অসমৰ কৃষি অধ্যয়ন কৰিবলৈ আহিব খোজা কাৰ্যক তেওঁ প্ৰমোদ ভ্ৰমণ আখ্যা দিয়ে । বৰ্তমান সময়ত ৰাজনৈতিক স্বাৰ্থৰ উৰ্ধত গৈ তেওঁলোকক অহাৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে বাধা দিব লাগিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, বানৰ এই সময়ত তেওঁলোকে প্ৰকৃত ছবিখন দেখিবলৈ নাপাব ।

ইফালে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত মাদ্ৰাছা সন্দৰ্ভত কৰা মন্তব্য সম্পৰ্কত শইকীয়াই কয় যে, সকলো ভাষাকে সন্মান জনাব লাগে । পূৰ্বতে আমি নিজৰ ভাষাটো বেছি ভাল বুলি গৰ্ব কৰাৰ বাবে অসমখন খণ্ড-বিখণ্ড হোৱাৰ কথা মনত ৰাখিব লাগে বুলি উল্লেখ কৰে দেৱব্ৰত শইকীয়াই ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী বুধিয়ক যদিও পৰেশ বৰুৱাই তেওঁক ঠগিব: এ পি ডব্লিউ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.