ETV Bharat / city

জিগনেশক গ্ৰেপ্তাৰ কৰাতকৈ আৰক্ষীক নাৰী নিৰ্যাতনৰ গোচৰত গুৰুত্ব দিয়াৰ পৰামৰ্শ বিৰোধী দলপতিৰ - অসম আৰক্ষী গুজৰাটলৈ

গুজৰাটৰ দলিত নেতা তথা ৰাজ্যখনৰ বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচত সৰৱতা প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrat Saikia on Jignesh Mevani's arrest) । শইকীয়াৰ মতে, দেশৰ ভিতৰতে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত অসমে একপ্ৰকাৰ অভিলেখ ৰচনা কৰিছে । ইয়াক কেনেকৈ নোহোৱা কৰিব পাৰি তাৰ প্ৰতিহে অসম আৰক্ষীয়ে মনোনিবেশ কৰা উচিত ।

leader-of-opposition-debabrat-saikia-suggests-assam-police-to-focus-on-crime-against-women
জিগনেশক গ্ৰেপ্তাৰ কৰাতকৈ আৰক্ষীক নাৰী নিৰ্যাতনৰ গোচৰত গুৰুত্ব দিয়াৰ পৰামৰ্শ বিৰোধী দলপতিৰ
author img

By

Published : Apr 22, 2022, 6:12 PM IST

গুৱাহাটী, ২১ এপ্ৰিল : অসমৰ মানুহক নিৰাপদে ৰখাৰ গুৰুত্বপূৰ্ণ কাম এৰি অসম আৰক্ষীয়ে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল নেকি বিধায়ক জিগনেশ মেৱানীক ? এই প্ৰশ্ন আমাৰ নহয়, গুজৰাটৰ দলিত নেতা তথা ৰাজ্যখনৰ বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচত সৰৱতা প্ৰকাশ কৰি এই প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrat Saikia on Jignesh Mevani's arrest) ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি জিগনেশে কৰা এটা টুইটৰ (Jignesh Mevani's tweet against PM Modi) বিৰুদ্ধে কোকৰাঝাৰ থানাত ৰুজু কৰা হৈছিল এটা গোচৰ ৷ এই গোচৰৰ ভিত্তিতে অসম আৰক্ষীয়ে সদলবলে গৈ গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি আনে জিগনেশক । ইয়াকেলৈ, লৈ এতিয়া উত্তপ্ত হৈ পৰিছে ৰাজ্য তথা দেশৰ ৰাজনৈতিক পৰিৱেশ ৷ কংগ্ৰেছ নেতৃত্বই এই কথা সহজভাৱে গ্ৰহণ নকৰি ইয়াৰ বিৰুদ্ধে প্ৰকাশ কৰিছে সৰৱতা ৷

এই সন্দৰ্ভতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, দেশৰ ভিতৰতে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত অসমে একপ্ৰকাৰ অভিলেখ ৰচনা কৰিছে । ইয়াক কেনেকৈ নোহোৱা কৰিব পাৰি তাৰ প্ৰতিহে অসম আৰক্ষীয়ে মনোনিবেশ কৰা উচিত । কিন্তু তাকে নকৰি কোনো বিজেপি নেতাই এটা গোচৰ তৰাৰ বাবেই এটা টুইটৰ বাবে জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষী গুজৰাটলৈ উধাতু খাই ঢাপলি মেলিলে ।

জিগনেশক গ্ৰেপ্তাৰ কৰাতকৈ আৰক্ষীক নাৰী নিৰ্যাতনৰ গোচৰত গুৰুত্ব দিয়াৰ পৰামৰ্শ বিৰোধী দলপতিৰ

অথচ ইতিমধ্যে টুইটাৰ কৰ্তৃপক্ষই সেই টুইটটো আতৰাই পেলাইছে । ইপিনে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Leader of opposition Debabrat Saikia) আৰু এটা গুৰুত্বপূৰ্ণ অভিযোগ কৰি কয় যে, স্বয়ং ডিজিপিৰ গৃহ জিলা শিৱসাগৰৰ নাজিৰা আৰক্ষীয়ে নাৰী নিৰ্যাতনৰ এটা বিশেষ গোচৰ বহুদিনৰ পৰা ৰুজু কৰা নাই ।

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো আজি অসম আৰক্ষীৰ এনে কাৰ্যৰ প্ৰতিবাদ জনাই কয় যে বিগত ১২‌ দিনত কেৱল গুৱাহাটী চহৰতে ১৩ টাকৈ হত্যাকাণ্ড হৈছে । এই ঘটনাবোৰৰ দোষীক ধৰিব নোৱৰা অসম আৰক্ষীয়ে এটা টুইটৰ বাবে গুজৰাটলৈ যাবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

লগতে পঢ়ক : জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত কোকৰাঝাৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.