গুৱাহাটী, 24 নৱেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰাজধানী চহৰখনতো মঙলবাৰে পালন কৰা হয় লাচিত দিৱস । প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ উদ্যোগত মহানগৰীৰ জালুকবাৰীৰ লাচিত উদ্যানত উদযাপন কৰা হয় লাচিত দিৱস ।
![lachit diwas at jalukbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-lachitdiwas-as10002_24112020143210_2411f_1606208530_1110.png)
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে চৰকাৰৰ ফালৰ পৰা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য । মন্ত্ৰী গৰাকীয়ে বীৰ লাচিতৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পন কৰাৰ লগতে অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিতৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।
উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান ঘটাৰ বাবে পূৰ্বৰ কাৰ্যসূচী সমূহ বাতিল কৰা হয় ৷
লগতে পঢ়কঃতৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দত্ত,বিবেক দাসৰ