ETV Bharat / city

এইবাৰ বাৰিষাত ভয়ংকৰ হ'ব পাৰে অসমৰ অৱস্থা !!!

ই টিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই এইবাৰ বাৰিষাত অসমৰ অৱস্থা ভয়ংকৰ হ'ব পাৰে বুলি এক আশঙ্কা ব্যক্ত কৰে ৷ নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ বাবে বহুকেইটা মথাউৰিৰ মেৰামতিৰ কাম নোহোৱাৰ কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

ই টিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত
author img

By

Published : May 3, 2019, 6:13 PM IST

কিহৰ বাবে এই বাৰিষাত হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি ? কি ক'লে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই -

  • " বিশেষকৈ মৰিগাঁও জিলাৰ সম্ভাব্য পৰিস্থিতিক লৈ আমি উদ্বিগ্ন "
  • " কিয়নো জিলাখনত বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ কৰিবলগীয়া বহুখিনি জৰুৰী কাম আছিল "
  • " কিন্তু পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ আচৰণবিধি বলবৎ হোৱা বাবে সেই কামখিনি জলসম্পদ বিভাগে সম্পূৰ্ণ কৰিব নোৱাৰিলে "
  • " আমি বহুবাৰ নিৰ্বাচন আয়োগক লিখিত ভাবে বিষয়টোৰ ওপৰত অনুৰোধ জনাইছিলো"
  • " কিন্তু নিৰ্বাচন আয়োগে অনুমতি নিদিলে "
  • " যাৰ ফলত কেৱল মৰিগাঁৱেই নহয়, আৰু বহু ঠাইত কৰিবলগীয়া কাম ৰৈ গ'ল "
  • " ২০১৭ ৰ বানত ৰাজ্যত মুঠ ২৬ টা ঠাইত মথাউৰি চিগিছিল, ২০১৮ ত চিগিছিল ২৯ ঠাইত "
  • " ইয়াৰে প্ৰায় সকলোখিনিৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হৈছে "
  • " আগন্তুক বাৰিষাত বানৰ সৈতে কিদৰে মোকাবিলা কৰিব পাৰি সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে ৯ মে'ত আহ্বান কৰিছে এখন জৰুৰী বৈঠক "

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.