ETV Bharat / city

ভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ সন্মান জ্ঞানপীঠ প্ৰদান কাব্য ঋষিক - জ্ঞানপীঠ প্ৰদান কাব্য ঋষিক

ভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ সন্মান জ্ঞানপীঠ প্ৰদান কাব্য ঋষি নীলমণি ফুকনক (Kavyarishi Nilmani phukan awarded with Jnanpith) ৷ অসম প্ৰকাশন পৰিষদে তেখেতৰ কবিতা দেশৰ বিভিন্ন ভাষালৈ অনুবাদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিব দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

kavyarishi-nilamani-phukan-awarded-with-jnanpith
ভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ সন্মান জ্ঞানপীঠ প্ৰদান কাব্য ঋষিক
author img

By

Published : Apr 11, 2022, 10:19 PM IST

গুৱাহাটী, ১১ এপ্ৰিল: ভাৰতবৰ্ষৰ সাহিত্যৰ সৰ্ব্বোচ্চ সন্মান জ্ঞানপীঠ সন্মান গ্ৰহণ কৰিলে কাব্য ঋষি নীলমণি ফুকনে । সোমবাৰে সন্ধিয়া মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত ভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ স্বীকৃতি ৫৬ তম জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয় বিশিষ্ট কবিগৰাকীক (Jnanpith to Kavyarishi Nilmani Phukan)। এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।

অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ''অসমৰ সাহিত্য আৰু সমাজ জীৱনৰ বাবে আজি অতি আনন্দ আৰু গৌৰৱৰ দিন । দুটা দশকৰ এটা দীঘলীয়া পৰিক্ৰমাৰ অপেক্ষাৰ আজি অন্ত পৰিল । দুটা দশকৰ পাছত সেই সোণষেৰীয়া সময়ৰ আজি পুনৰাবৃত্তি ঘটিছে ৷ ''

কবি গৰাকী তথা পৰিয়ালৰ অনুমতি পালে অসম প্ৰকাশন পৰিষদে তেখেতৰ কবিতা দেশৰ বিভিন্ন ভাষালৈ অনুবাদ কৰিবলৈ ব্যৱস্থা ল’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মামণি ৰয়ছম গোস্বামীক স্মৰণ কৰে ।

এই বঁটাত আছে অংগবস্ত্ৰ, শ্ৰীফলক, প্ৰশস্তিপত্ৰ, সৰস্বতীৰ প্ৰতিমূৰ্তি, ১১ লাখ টকাৰ চেক । তৃতীয়গৰাকী অসমীয়া লেখক তথা প্ৰথমগৰাকী অসমীয়া কবি হিচাপে তেওঁ লাভ কৰিছে এই স্বীকৃতি । ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মামণি ৰয়ছম গোস্বামীৰ পাছত তৃতীয়গৰাকী অসমীয়া হিচাপে নীলমণি ফুকনে লাভ কৰিলে বিৰল স্বীকৃতি ।

এই বঁটা প্ৰদান অনুষ্ঠানত ভাৰতীয় জ্ঞানপীঠ অকাডেমীৰ বাচনি সমিতিৰ অধ্যক্ষ ড৹ প্ৰতিভা ৰয়, জ্ঞানপীঠ বঁটাৰ তত্বাবধায়ক দেবব্ৰত গোস্বামী, মন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী বিমল বৰা আদিও উপস্থিত থাকে।

লগতে পঢ়ক : RSS তেই বাক স্বাধীনতা নাই বিজেপিত ক’ত থাকিব; এইবাৰ গৌৰৱ গগৈৰ কটাক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.