ETV Bharat / city

কৰম পৰবৰ বাবে 17 ছেপ্টেম্বৰত থাকিব চৰকাৰী বন্ধ

author img

By

Published : Sep 16, 2021, 4:59 PM IST

অৱশেষত চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰা হ’ল চাহ জনগোষ্ঠীৰ 'কৰম পৰব' ৷ দীৰ্ঘদিন ধৰি জনগোষ্ঠীটোৰ সংগঠন সমূহে দাবী কৰি আহিছিল কৰম পৰবক চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰাৰ বাবে ৷

karam-puja-has-been-considered-as-holiday
কৰম পৰবৰ বাবে 17 ছেপ্টেম্বৰত থাকিব চৰকাৰী বন্ধ

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : চাহ জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ 'কৰম পৰব' বা কৰম পূজা উপলক্ষে অনাগত শুকুৰবাৰ অৰ্থাৎ ১৭ ছেপ্টেম্বৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে । বৃহস্পতিবাৰে, ৰাজ্যিক কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই চৰকাৰী ভাবে বন্ধৰ অধিসূচনা জাৰি কৰা হয় ।

উল্লেখযোগ্য যে, কৰম পৰবৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ দীৰ্ঘদিন ধৰি চাহ জনগোষ্ঠীয় বিভিন্ন সংগঠনে দাবী উত্থাপন কৰি আহিছিল । অৱশেষত এইবেলি জনগোষ্ঠীটোৰ এই দীৰ্ঘদিনীয়া দাবীয়ে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় ৷ ইফালে, যদিও এইবেলিৰ কৰম পূজাক চৰকাৰী বন্ধৰ দিন হিচাপো ঘোষণা কৰা হৈছে প্ৰতি বছৰে কৰম পৰব অথবা পূজাৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে পালন কৰিবলৈ এতিয়াও কিন্তু কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ।

karam puja has been considered as holiday

সদ্যহতে চলিত বছৰৰ কৰম পৰবৰ বাবেহে চৰকাৰী বন্ধৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । দীৰ্ঘদিনৰ দাবী হিচাপে কৰম পৰবে চৰকাৰী বন্ধৰ তালিকাত স্থান পোৱাকলৈ এতিয়া সুখী হৈ পৰিছে চাহ জনগোষ্ঠীৰ লোক সকল ৷ অৱশ্যে, তেওঁলোকে আশা কৰিছে যে, এইবেলিৰ দৰেই প্ৰতিটো বৰ্ষত চাহ জনগোষ্ঠীৰ এই বিশেষ দিনটো চৰকাৰী বন্ধ হিচাপে পালন কৰা হওঁক ৷

লগতে পঢ়ক : কলিয়াবৰত বিশ্বকৰ্মা পূজাক লৈ ব্যৱসায়ীসকলৰ ব্যস্ততা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.