ETV Bharat / city

ছয়গাঁৱৰ এটা ভোটকেন্দ্ৰত ইভিএম বিকল

author img

By

Published : Apr 6, 2021, 4:43 PM IST

কামৰূপ জিলাৰ ১৬৮ নং নোৱাপাৰা সোঁ-শাখা ভোটগ্ৰহণ কেন্দ্ৰটোত ইভিএম মেচিন বিকল ৷ ৭ বজাৰ সলনি ৯ বজাৰ পৰাহে ভোটগ্ৰহণ আৰম্ভ ৷

ছয়গাঁও সমষ্টিত ভোটদান কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে

কামৰূপ,6 এপ্ৰিল: কামৰূপ জিলাৰ ৪৯ নং ছয়গাঁও সমষ্টিত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ কিন্ত ১৬৮ নং নোৱাপাৰা সোঁ-শাখা ভোটগ্ৰহণ কেন্দ্ৰটোত ইভিএম মেচিন বিকল হৈ পৰাত দুঘণ্টা পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয় ৷ অৰ্থাৎ কেন্দ্ৰটোত ইভিএম মেচিন বিকল হৈ পৰাত ৭ বজাৰ সলনি ৯ বজাৰ পৰাহে ভোটগ্ৰহণ আৰম্ভ হয় ৷ যাৰ ফলত পুৱাৰ পৰা ভোটদানৰ বাবে শাৰী পাতি ৰৈ থকা ভোটাৰসকল ক্ষোভিত হৈ পৰিছে ৷

আনহাতে, ৪৯ নং ছয়গাঁও সমষ্টিত ভোটদান কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ বিধায়ক পত্নী নুৰি খানেও সাব্যস্ত কৰে ভোট ৷ সমষ্টিটোৰ সংখ্যালঘু প্ৰধান এলেকা গৰৈমাৰীৰ হাতীপাৰা গাঁও পঞ্চায়তৰ অধীনষ্ঠ ফকিৰপাৰা নতুন চিমলা প্ৰাথমিক বিদ্যালয়ৰ বাঁওশাখাত ভোটাধিকাৰ সাব্যস্ত কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু পত্নী নুৰি খানে ৷ ভোটাধিকাৰ সাব্যস্ত কৰি খুবেই আনন্দিত হোৱা বুলি বিধায়ক গৰাকীযে সাংবাদিকৰ আগত মন্তব্য কৰে ৷ বিধায়কগৰাকীয়ে যোৱা বাৰ ৭২ হেজাৰ ভোট লাভ কৰি জয়ী হৈছিল ৷ কিন্ত এইবাৰ তেওঁ এক লক্ষাধিক ভোট লাভ কৰি বিপুল ভোটত জয়ী হ’ব বুলি মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : জালুকবাৰীৰ কেইবাটাও কেন্দ্ৰত ইভিএমৰ বিসংগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.