ETV Bharat / city

বহিঃৰাজ্যৰ পৰা অহা লোকক লৈ তৎপৰ মহানগৰ জিলা প্ৰশাসন

author img

By

Published : May 28, 2020, 7:27 PM IST

বহিঃৰাজ্যৰ পৰা লোকক লৈ তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷ বহিঃৰাজ্যৰ পৰা উভটি অহা লোকসকলক হোম কোৱাৰেন্টাইন কৰিবৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ ব্যৱস্থা ৷

বহিঃৰাজ্যৰ পৰা অহা লোকক লৈ তৎপৰ মহানগৰ জিলা প্ৰশাসন
বহিঃৰাজ্যৰ পৰা অহা লোকক লৈ তৎপৰ মহানগৰ জিলা প্ৰশাসন

গুৱাহাটী, 28 মে' : ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাই আছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । যাৰ বাবে অধিক তৎপৰ হৈছে জিলা প্ৰশাসনসমূহ । বিশেষকৈ বহিঃৰাজ্যৰ পৰা উভতি অহা লোকসকলক কোৱাৰেন্টাইন কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ তালিকা অনুসৰি ঘৰে ঘৰে গৈ হোম কোৱাৰেন্টাইনৰ বেনাৰ লগাইছে জিলা প্ৰশাসনে । এই প্ৰক্ৰিয়াৰ বাবে কেইবাটাও দল গঠন কৰা হৈছে । মহানগৰীৰ বিভিন্ন এলেকাত দলসমূহে গৈ লোকসকলক ঘৰতে থকাৰ নিৰ্দেশ প্ৰদান কৰিছে ।

বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এটা দলে জালুকবাৰী, মালিগাঁও, তেতেলীয়া আদি অঞ্চলত প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ ঘৰত লগাই হোম কোৱাৰেন্টাইনৰ বেনাৰ । বহিঃৰাজ্যৰ পৰা লোকসকলে যাতে ১৪ দিনলৈ ঘৰৰ বাহিৰত ওলাব নোৱাৰে তাৰ বাবে হাতত বিশেষ ষ্টাম্প মাৰি দিয়া হয় ৷ ইফালে এই পৰিয়ালসমূহক প্ৰয়োজনীয় সা-সামগ্ৰী যোগান ধৰাৰো পদক্ষেপ লোৱাৰ উপৰিও ওচৰ-চুবুৰীয়াকো সহায় কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে ।

উল্লেখ্য যে প্ৰতিদিনেই বহিঃৰাজ্যৰ পৰা অহা প্ৰায় 200 পৰিয়ালক ঘৰে ঘৰে গৈ হোম কোৱাৰেন্টাইন কৰে জিলা প্ৰশাসনৰ বিষয়াসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.