ETV Bharat / city

চিৰাঙত সাংবাদিকক আৰক্ষীয়ে কৰা আক্ৰমণক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সাংবাদিকৰ প্ৰতিবাদ - লাইটৰ পোষ্টত বান্ধি সাংবাদিকক প্ৰহাৰ

চিৰাং জিলাৰ বাসুগাঁৱত এটা চেটেলাইট চেনেলৰ সাংবাদিক তথা চিৰাং জিলা প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক জয়ন্ত দেৱনাথক আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে সাংবাদিকসকলে মঙলবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰে(Journalists protest across the state over) ৷

Journalists protest across the state over police attack on Chirang journalist
চিৰাঙত সাংবাদিকক আৰক্ষীয়ে কৰা আক্ৰমণক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সাংবাদিকৰ প্ৰতিবাদ
author img

By

Published : Feb 9, 2022, 8:26 AM IST

নিউজ ডেস্ক, 9 ফেব্ৰুৱাৰী : চিৰাঙৰ বাসুগাঁৱত এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক জয়ন্ত দেৱনাথক বাসুগাঁও আৰক্ষীৰ এজন জোৱানে প্ৰহাৰ কৰাৰ ঘটনাকলৈ ৰাজ্যজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে (Journalist beaten up by a police man in Chirang) ৷ এই ঘটনাৰ বিৰুদ্ধে মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত গুৱাহাটীস্থ কৰ্তব্যৰত সাংবাদিকসকলে হাতে হাতে পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

এই ঘটনা সন্দৰ্ভত সাংবাদিক হেমন্ত শৰ্মাই কয়, “কিছুমান কথা সহজভাৱে লৈ থাকোঁতে থাকোঁতে আমি জটিলতাৰ সৈতে যুঁজিবলগীয়া হৈ আছে । কিন্তু এনেকৈ আৰু কিমান দিন ? " বিভিন্ন সময়ত সাংবাদিকসকলে তথা সাংবাদিক সংগঠনে সাংবাদিকৰ নিৰাপত্তাৰ বাবে সুকীয়া আইনৰ দাবী কৰা স্বত্বেও কোনো কাণসাৰ নাই । চৰকাৰে প্ৰথমশাৰীৰ কৰ্মী হিচাপে স্বীকৃতি দিলে, কিন্তু দেশৰ ভিতৰতে সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ তৃতীয় স্থানত আছে অসম ।

Journalists protest across the state over police attack on Chirang journalist
কোকৰাঝাৰত সাংবাদিকৰ প্ৰতিবাদ

শৰ্মাই লগতে কয় যে, কিছুবছৰ পূৰ্বে মহানগৰীৰ লতাশিল থানাত এগৰাকী মহিলা সাংবাদিকৰ ওপৰতো আৰক্ষীয়ে শাৰীৰিক অত্যাচাৰ কৰিছিল । আজাৰাত বাতৰি কৰাৰ বাবে লাইটৰ পোষ্টত বান্ধি সাংবাদিকক প্ৰহাৰ কৰিছিল(Police thrashed journalist Jayanta Debnath in public) । গুৱাহাটী প্ৰেছ ক্লাৱত কৰ্তব্যৰত আন এগৰাকী মহিলা সাংবাদিককো শাৰীৰিকভাৱে অপদস্থ কৰিছিল । কাকপথাৰৰ সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হোৱা দুটা বছৰ অতিক্ৰম কৰিলে যদিও তাৰ কোনো উচিত ন্যায় নাপালে ।

তেওঁ লগতে দিনকদিনে বৃদ্ধি পাই অহা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বাবে সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ নোলোৱাত ক্ষোভ প্ৰকাশ কৰে ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক “অতি শীঘ্ৰে সাংবাদিকৰ নিৰাপত্তাৰ বাবে সুকীয়া আইনৰ প্ৰণয়ন’’ কৰিবলৈ সাংবাদিকগৰাকীয়ে দাবী জনায় ।

ইপিনে, জয়ন্ত দেৱনাথক আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনাত জড়িত বাসুগাঁও আৰক্ষী চকীৰ প্ৰদীপ সাহা আৰু এলাৰ বৰ্মন নামৰ কনিষ্টবল দুজনক কেৱল ৰিজাৰ্ভ ক্লজ কৰি আৰক্ষীয়ে আপাতদৃষ্টিত চমক দিয়া বিষয়টোক ভেকোঁভাওনাহে আখ্যা দিছে প্ৰতিবাদকাৰী সাংবাদিকসকলে ৷ তেওঁলোকে শীঘ্ৰে আৰক্ষীৰ লোক দুজনক নিলম্বন কৰিবলৈ দাবী জনায় ।

ইফালে কোকৰাঝাৰতো এই ঘটনাৰ পিছতে ঠিক একেই পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হ'ল ৷ চিৰাঙৰ সাংবাদিক জয়ন্ত দেৱনাথৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ পিছতে মঙলবাৰে কোকৰাঝাৰত সাংবাদিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু বড়োলেণ্ড জাৰ্ণালিষ্ট এছ‘চিয়েচনৰ সহযোগত কোকৰাঝাৰ থানাৰ সমীপত কোকৰাঝাৰৰ একাংশ সাংবাদিকে ক'লা বেজ পৰিধান কৰাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সাংবাদিকসকলে আৰক্ষীৰ দাদাগিৰি নচলিব , সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰক, অভিযুক্তক গ্ৰেপ্তাৰ কৰক , সাংবাদিক ঐক্য জিন্দাবাদ আদি শ্লোগানেৰে সদৰ চহৰখনৰ পৰিৱেশ উত্তাল কৰি তোলে আৰু দোষী আৰক্ষী জোৱানক কঠোৰ শাস্তিৰ বিহাৰ লগতে সাংবাদিকৰ নিৰাপত্তাৰ দাবী উত্থাপন কৰে ৷

গোৱালপাৰাত সাংবাদিকৰ প্ৰতিবাদ

গোৱালপাৰা জিলা সাংবাদিক সন্থাইয়ো আৰক্ষী জোৱান দুজনক ৰিজাৰ্ভ ক্লজ কৰাৰ পৰিবৰ্তে কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰে ৷ গোৱালপাৰা প্ৰেছ ক্লাৱৰ যৌথ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে গোৱালপাৰা জিলা সাংবাদিক সন্থাই ৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যাতে আৰক্ষীয়ে এনে কাৰ্য নকৰে আৰু অনাগত দিনত সাংবাদিকৰ ওপৰত এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰবাবে তেওঁলোকে আৰক্ষীক সকিয়াই দিয়ে ।

লগতে পঢ়ক : চিৰাঙৰ ৰাজপথত সাংবাদিকক প্ৰহাৰ কৰি বীৰত্ব প্ৰদৰ্শন আৰক্ষী জোৱানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.