গুৱাহাটী, 17 জুলাই : 15 জুলাইত মাজনিশা এটা ব্যক্তিগত টেলিভিচন চেনেলৰ ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ জুই । এইবাৰ আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত দাখিল কৰিলে অভিযোগ । নিউজ পেপাৰ এছ'চিয়েচন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সম্পাদক মনজিৎ সিনহাই দাখিল কৰিলে এই অভিযোগ ।
মাজনিশা 2 বজাত দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ দৰে সাংবাদিক ৰাজীৱ শৰ্মাক বৰ্বৰভাৱে গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে । অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে ধাৰাবাহিক বাতৰি পৰিবেশন কৰাৰ বাবেই ধুবুৰীৰ বন বিষয়া বিশ্বজিৎ ৰায়ৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল সাংবাদিকগৰাকী । এই সমগ্ৰ ঘটনাত ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ হস্তক্ষেপ বিচাৰি সিনহাই প্ৰেৰণ কৰিছে অভিযোগ পত্ৰ ৷
মনজিৎ সিনহাৰ অভিযোগৰ পাচতেই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি নিজাববীয়া তদন্তৰ বাবে সাজু হৈছে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ । আনহাতে, প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াটো ঘটনা সন্দৰ্ভত দাখিল কৰা হৈছে আন এখন সুকীয়া অভিযোগ । সাংবাদিকৰ স্বাধীনতা খৰ্ব কৰাৰো অভিযোগ ধুবুৰী আৰক্ষী অধীক্ষক যুৱৰাজ আৰু বন বিষয়া বিশ্বজিৎ ৰায়ৰ বিৰুদ্ধে । দুৰ্নীতিৰ বাতৰি পৰিবেশন কৰাৰ বাবেই এনে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে মনজিৎ সিনহাই । যাৰ বাবে দুখনকৈ অভিযোগ দাখিল কৰিছে নিউজ পেপাৰ এছ'চিয়েচন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সম্পাদকগৰাকীয়ে ।