ETV Bharat / city

স্থান এৰি মান হেৰুৱালে যতীন বৰাই

author img

By

Published : Sep 26, 2020, 11:31 AM IST

কা আন্দোলনেই আছিল ভুল ৷ ভুল কৰিলে যেতিয়া তাৰ ক্ষতিপূৰণো দিব লাগিব ৷ যতীন বৰাক সহজে এৰি নিদিলে ৰাজ্যিক বিজেপিয়ে ৷ যিহেতু এবাৰ দল ত্যাগ কৰি চৰকাৰৰ বিৰোধীতা কৰিলেই, তাৰেই দণ্ড হিচাপে যতীন বৰাক দিয়া নহ'ল অসম চলচিত্ৰ উন্নয়ন আৰু বিত্তীয় নিগমৰ অধ্যক্ষ পদ ৷ যতীন বৰাৰ পৰিৱৰ্তে সেই আসনত বিজেপিয়ে বহুৱালে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক ৷

Jatin Barai lost the post of principal
'আৱেগিক সিদ্ধান্ত' লৈ লটি-ঘটি হ'ল যতীন বৰাৰ

গুৱাহাটী,26ছেপ্টেম্বৰ: আশা ভংগ হ'ল অভিনেতা যতীন বৰাৰ ৷ কা আন্দোলনৰ সময়ত বিজেপি দল ত্যাগ কৰি আন্দোলনস্থলীত উপস্থিত হোৱাৰ বাবেই যেন যতীন বৰাৰ ওপৰত নাৰাজ হ'ল বিজেপি চৰকাৰ ৷ পুনৰ অভিনেতাজন দললৈ উলটি আহিল ঠিকেই, কিন্তু পূৰ্বৰ দৰে নাপালে ৰাজ আতিথ্য ৷ কা আন্দোলনত যোগ দিয়া ক্ষতিপূৰণ হিচাপে অসম চলচিত্ৰ উন্নয়ন আৰু বিত্তীয় নিগমৰ অধ্যক্ষৰ পদ হেৰুৱালে যতীন বৰাই ৷ যতীন বৰাৰ পৰিৱৰ্তে এই দায়িত্ব অৰ্পণ কৰা হ'ল হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক ৷

2017 চনৰ পৰা 2019ৰ ডিচেম্বৰ মাহলৈকে এই পদৰ দায়িত্বত আছিল অভিনেতা যতীন বৰা । কিন্তু 'কা' আন্দোলনৰ সময়ছোৱাত চৰকাৰক বিৰোধিতা কৰি এই পদ ত্যাগ কৰিছিল অভিনেতা গৰাকীয়ে । লতাশিল খেলপথাৰত আছুৰ উদ্যোগত হোৱা প্ৰতিবাদস্থলীত অধ্যক্ষৰ পদ এৰাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু আন্দোলন স্তিমিত হোৱাৰ পাচত সুযোগ সন্ধানী যতীন বৰাই ঘূৰি আহি পুনৰবাৰ যোগদান কৰিলে বিজেপি দলত ৷ সাংবাদিকৰ আগত যতীন বৰাই কৈছিল যে, আৱেগৰ বশৱৰ্তী হৈ হে তেওঁ ঢাপলি মেলিছিল লতাশিললৈ ৷ যতীন বৰাৰ সেই মন্তব্যত এটা কথা স্পষ্ট হৈ পৰিছিল যে, কা আন্দোলনত জড়িত হোৱাতো তেওঁৰ ভুল আছিল ৷ এই মন্তব্য দিয়াৰ পাচতে ৰাজ্যজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল অভিনেতাগৰাকীয়ে ৷ ৰাজ্যৰ আন ঠাইৰ লগতে গৃহ জিলা নগাঁৱৰ কেইবাটাও ছাত্ৰ সংগঠনে নিষিদ্ধ ঘোষণা কৰিছিল যতীন বৰাক ৷

অন্য এক খবৰৰ বাবে: থোৰতে এচ. পি. বালাসুব্ৰমনিয়ামৰ জীৱন পৰিক্ৰমা

এইবোৰলৈ ভ্ৰূক্ষেপ নকৰি যতীন বৰা ব্যস্ত থাকিল নিজৰ স্বাৰ্থ সিদ্ধি কৰাত ৷ সংবাদ মাধ্যমত বাৰে-বাৰে কা আন্দোলনলৈ যোৱাতো আৱেগিক অথবা ভুল সিদ্ধান্ত আছিল বুলি কৈ বিজেপি দলৰ আদৰ-চেনেহ আদায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলালে যতীন বৰাই ৷ কিন্তু তুষ্ট নহ'ল গেৰুৱা বাহিনী ৷ দলত যতীন বৰাক স্থান দিলে ঠিকেই, কিন্তু ক্ষতিপূৰণ হিচাপে যতীন বৰাৰ পৰা কাঢ়ি ল'লে অসম চলচিত্ৰ উন্নয়ন আৰু বিত্তীয় নিগমৰ অধ্যক্ষৰ পদ ৷ লক্ষ-লক্ষ অসমীয়া নামি পৰা কা আন্দোলনক আৱেগিক সিদ্ধান্ত বুলি কোৱা যতীন বৰাই এতিয়া কেনে ধৰণৰ সিদ্ধান্ত লয় সেয়া অৱশ্যেই লক্ষণীয় হ'ব ৷

উল্লেখ্য যে, অভিনেতা যতীন বৰাই অসম চলচিত্ৰ উন্নয়ন আৰু বিত্তীয় নিগমৰ অধ্যক্ষৰ পদ এৰাৰ পাচত এই পদৰ সকলো কাম-কাজৰ তদাৰক কৰিছিল মন্ত্ৰী নব দলে ৷

অন্য এক খবৰৰ বাবে: কলঙৰ ওপৰত দলঙৰ আধাৰশিলা বিধায়ক ডিম্বেশ্বৰ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.