গুৱাহাটী, 30 জুন : কামৰূপ মহানগৰ জিলাত লকডাউন চলি থকাৰ বাবেই উত্তৰপূৱ সীমান্ত ৰে'লৱেৰ সদৰ কাৰ্যালয় বন্ধ ৰখা হৈছে । কাৰ্যালয় বন্ধ হ'লেও অত্যাৱশ্যকীয় সেৱা বৰ্তমানো অব্যাহত আছে । মালবাহী ৰে'ল সেৱাও অব্যাহত ৰাখিছে বিভাগে ।
ইফালে গুৱাহাটী-যোৰহাটৰ মাজত চলাচল কৰা জনশতাব্দী এক্সপ্ৰেছৰ চলাচল বাতিল কৰিছে বিভাগে । ইয়াৰ বিপৰীতে ৭খনকৈ দূৰণীবটীয়া ডিব্ৰুগড়ৰ পৰা চলাচল কৰা বিশেষ ৰে'ল সেৱা অব্যাহত আছে । এই কথা ইটিভি ভাৰতক জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ।
লগতে পঢ়কঃ ৰাজধানী এক্সপ্ৰেছঃ ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ ডাঙৰ প্ৰত্যাহ্বান