ETV Bharat / city

গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেড আৰু মুম্বাই চিটিৰ মহাৰণ

author img

By

Published : Nov 27, 2019, 12:34 PM IST

বুধবাৰে বিয়লি 7:30 বজাৰ পৰা আৰম্ভ হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মুম্বাই চিটি এফ চিৰ মেচ ৷ মেচৰ পূৰ্বে দুয়ো দলে সৰুসজাই ষ্টেডিয়ামত কঠোৰ অনুশীলন কৰে ৷

গুৱাহাটীত দুই দলৰ মহাৰণ
নৰ্থ ইষ্ট ইউনাইটেড বনাম মুম্বাই চিটি

গুৱাহাটী, 27 নৱেম্বৰ : বুধবাৰে ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত বিয়লি ৭.৩০ বজাত আৰম্ভ হ'ব আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচ ৷ মেচখনত মুখামুখি হ'ব ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মুম্বাই চিটি এফ চি ৷ মেচৰ পূৰ্বে সৰুসজাইৰ খেলপথাৰত দুয়ো দলে কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে ৷ মুম্বাই চিটি এফ চিয়ে প্ৰশিক্ষক জৰ্গ ক'ষ্টাৰ উপস্থিতিত কঠোৰ প্ৰশিক্ষণ কৰে ৷ আনহাতে, ঘৰুৱা খেলপথাৰত নৰ্থ ইষ্ট দলে মেচত জয়ী হোৱাৰ লক্ষ্যৰে প্ৰশিক্ষণত অৱতীৰ্ণ হৈছে ৷

নৰ্থ ইষ্ট ইউনাইটেড বনাম মুম্বাই চিটি

উল্লেখ্য যে, দুখনকৈ খেলত জয়ী আৰু দুখনকৈ খেলত ড্ৰ'ৰে সমাপ্ত কৰা নৰ্থ ইষ্ট দলে মেচত জয়ৰ বাবে আত্মবিশ্বাসী হৈ আছে৷ ইয়াৰ বিপৰীতে আই এছ এলৰ চলিত সংস্কৰণত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই মুম্বাই দলে ৷ দলটোৰ বহুকেইগৰাকী খেলুৱৈ আঘাতপ্ৰাপ্ত হৈ থকাৰ বাবেও চিন্তিত হৈ পৰিছে মুম্বাই শিৱিৰ ৷

আৰু পঢ়ক : শ্ৰীহৰিকোটাৰ পৰা ইছৰোয়ে উৎক্ষেপন কৰিলে PSLV-C47

Intro:আজি গুৱাহাটীৰ ইণ্ডিৰা গান্ধী এথেলেটিক ষ্টেডিয়ামত ৭.৩০ বজাত আই এছ এলৰ মহাৰণ। নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰে মুখামুখি হ'ব মুম্বাই চিটি এফ চি। খেলখনকলৈ দুয়োটা দলেই সম্পূৰ্ণ প্ৰস্তুত হৈ পৰিছে। খেলৰ পূৰ্বে সৰুসজাইৰ খেলপথাৰত পৃথকে পৃথকে অনুশীলন কৰে দুয়োটা দলে। মুম্বাই চিটিয়ে মেচত জয়ী হৈ পইন্ট অৰ্জন কৰিবলৈ চলাই আছে কঠোৰ অনুশীলন। দলটোৰ মুখ্য প্ৰশিক্ষক জৰ্গ ক'ষ্টা উপস্থিত হৈ অনুশীলন কৰাই খেলুৱৈসকলক। ইফালে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে এই ঘৰুৱা খেল সহজে এৰি দিব নিবিচাৰিব। যিকোনো প্ৰকাৰে ঘৰুৱা খেলখন জয়ী হ'বলৈ বিচাৰিব নৰ্থ ইষ্টে। তেনেস্থলত দুয়োটা শক্তিশালী দলৰ এই খেলখন অতি ৰোমাঞ্চকৰ হ'ব বুলি আশা কৰিব পাৰি।

Body:দুখনকৈ খেল জয়ী আৰু দুখন খেলত ড্ৰ'ৰে অধিক আত্মবিশ্বাসী হৈ আছে নৰ্থ ইষ্ট ইউনাইটেড। ইয়াৰ বিপৰীতে আই এছ এলৰ চলিত সংস্কৰণত বিশেষ ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই মুম্বাই চিটিয়ে। দলটোৰ বহুকেইগৰাকী খেলুৱৈ আঘাতপ্ৰাপ্ত বুলিও জানিব পৰা গৈছে। যাৰ পৰিপ্ৰেক্ষিতত দলটো কিছু সমস্যাৰ মাজত ভুগি আছে।

Conclusion:HIRUL HAQUE I GUWAHATI

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.