ETV Bharat / city

শ্ৰীলংকা, নেপালৰ দৰে হ’ব নেকি ভাৰতৰ অৱস্থা ?

মূল্যবৃদ্ধিৰ বাবে দেশৰ অৱস্থা শ্ৰীলংকাৰ পিছত নেপালৰ দৰে হ’ব নেকি ভাৰতৰ অৱস্থা (indias economy heading towards becoming nepal or srilanka) ? নিতৌ বাঢ়ি অহা মূল্যবৃদ্ধিৰ প্ৰতি শংকিত হৈ এই কথা ভাবিবলৈ বাধ্য হৈ পৰিছে বহু জনগণ ৷ সৱিশেষ জানিবলৈ পঢ়ক এই বাতৰি...

author img

By

Published : Apr 8, 2022, 9:19 PM IST

is-indias-economy-heading-towards-becoming-nepal-or-srilanka
শ্ৰীলংকা, নেপালৰ দৰে হ’ব নেকি ভাৰতৰ অৱস্থা !

গুৱাহাটী, 8 এপ্ৰিল : শেহতীয়াকৈ দেশ তথা ৰাজ্যত মূল্যবৃদ্ধিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Price Hike in Assam) । পেট্টল আৰু ডিজেলৰ দাম প্ৰতিদিনে প্ৰায় বৃদ্ধি পাবলৈ ধৰিছে । বজাৰত সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে (Price hike of essential commodities) ।

মূল্যবৃদ্ধিৰ বাবে শ্ৰীলংকাত জৰুৰী অৱস্থাৰ সৃষ্টি হোৱাৰ পিছত এতিয়া ভাৰতৰ চুবুৰীয়া ৰাজ্য নেপালতো মূল্যবৃদ্ধিৰ বাবে শ্ৰীলংকাৰ দৰে জৰুৰী অৱস্থাৰ সৃষ্টি হোৱাৰ দিশে আগবাঢ়িছে । ইয়াকে লৈ মানুহৰ মাজতো শংকাৰ সৃষ্টি হৈছে ।

এই সম্পৰ্কত বেংক ট্ৰেড ইউনিয়ন নেতা বিশ্বজিৎ ঘটকে কয় যে, ‘‘কেন্দ্ৰীয় চৰকাৰে পুঁজিপতি আৰু কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত কাম কৰাৰ ফলশ্ৰুতিত দেশৰ অৰ্থনীতিত আৰু মধ্যবিত্ত আৰু সাধাৰণ শ্ৰেণীৰ আৰ্থিক অৱস্থা বেয়াৰ পিনে গতি কৰিছে । কৰ্পোৰেট গোষ্ঠীক কোটি কোটি টকাৰ কৰ আৰু ঋণ ৰেহাই দিয়াৰ ফলত দেশৰ আৰ্থিক অৱস্থা বেয়াৰ ফালে গতি কৰিছে। ’’

লগতে বিশ্বজিৎ ঘটকে কয়, দেশৰ কেন্দ্ৰীয় চৰকাৰ ঋণৰ বোজাত পোত গৈছে । এনেধৰণৰ অৱস্থা অব্যাহত থাকিলে দেশৰ অৰ্থনীতি দেউলীয়া হ'ব । সোনকালে শ্ৰীলংকাৰ দৰে ভাৰতৰো অৱস্থা হ'ব (Indias economy heading towards becoming Nepal or Sri Lanka) ।’’ দেশ তথা ৰাজ্যত মূল্যবৃদ্ধিৰ সমস্যাটোৱে জটিল ৰূপ ধাৰণ কৰিছে । ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে চৰকাৰে সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰিব লাগিব । অধিক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ৷

মূল্যবৃদ্ধিৰ সম্পৰ্কত ব্যৱসায়ী সম্ৰাট সিনহাই কয় যে, ‘‘সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ব্যবসায়ত বিৰূপ পেলাইছে । খুচুৰা ব্যৱসায়ীসকল এইক্ষেত্ৰত বেছি ক্ষতিগ্ৰস্ত হৈছে । আগতে সামগ্ৰীৰ ক্ষেত্ৰত কোম্পানীয়ে খুচুৰা বিক্ৰেতাৰ বাবে লাভৰ ব্যৱস্থা কৰি দিছিল ।

তেওঁ কয়, ‘‘যাৰ বাবে সামগ্ৰীৰ লিখা দামতকৈ খুচুৰা ব্যৱসায়ীয়ে কম দামত গ্ৰাহকক সামগ্ৰী বিক্ৰী কৰিব পাৰিছিল । এতিয়া কোম্পানীয়ে সামগ্ৰীৰ ক্ষেত্ৰত কোম্পানীয়ে খুচুৰা বিক্ৰেতাৰ বাবে লাভৰ পৰিমাণ কমাই দিছে। যাৰ বাবে এতিয়া সামগ্ৰীৰ লিখা দামতে গ্ৰাহকক সামগ্ৰী বিক্ৰী কৰিবলগীয়া হৈছে ।’’

লগতে তেওঁ কয় যে, শেহতীয়াভাৱে নিতৌ ব্যৱহাৰ কৰা সামগ্ৰীৰ পৰা আৰম্ভ কৰি বহী কলম আদি সকলো বস্তুৰ মূলবৃদ্ধি হৈছে । ফামাৰ্চী ব্যৱসায়ী উজ্বল ভৌমিকে কয় যে, ‘‘বিগত কেইটামান দিনত জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি হৈছে । আগতে ঔষধৰ দাম 5 শতাংশ বা 10 শতাংশ বৃদ্ধি পাইছিল । কিন্তু এইবাৰ ঔষধৰ দাম 30 শতাংশ পৰা 40 শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে । যাৰ ফলত সাধাৰণ মানুহৰ বাবে জীয়াই থকা সমস্যাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : যাত্ৰা: ছাগলী চৰোৱা লোকৰ পৰা আইএএছ বিষয়া হোৱালৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.