গুৱাহাটী, ২১ অক্টোবৰঃ ডুবাইত চলি থকা ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ 'আই পি এল'ৰ নামত মহানগৰীত দ্ৰুত হাৰত বৃদ্ধি পাইছে অবৈধ জুৱাৰীৰ বেহা ৷ মহানগৰ আৰক্ষীয়ে অবৈধ জুৱাৰী সন্দৰ্ভত প্ৰতিদিনে চলাই গৈছে অভিযান ৷
মঙলবাৰে নিশা অসম আৰক্ষীৰ অপৰাধ শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই বুকীক ৷ গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলীৰ নতুন ষ্টোৰ নামৰ গেলামাল বিপণিৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বুকি দুজনক ৷ এই বুকী দুজন ৰবি পূৰ্বে আৰু ৰিংকু বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷ বুকী দুজনে দীৰ্ঘদিনৰ পৰাই বশিষ্ঠ চাৰিআলীৰ গেলামাল বিপণি খনত চলাই আহিছিল IPLৰ ৰমৰমীয়া বেহা। বশিষ্ঠ আৰক্ষী আৰু অপৰাধ শাখাৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে বুকী দুজনক ৷ অভিযানকাৰী দলটোৱে দুই বুকিৰ পৰা জব্দ কৰে নগদ ধন আৰু কেইখনমান আপত্তিজনক নথি পত্ৰ ।
উল্লেখ্য যে,সমগ্ৰ অসমতে ক্ৰমাৎ বৃদ্ধি পাই অহা এই মাৰাত্মক জুৱাৰ কৱলত পৰি বহুতৰ জীৱনলৈ নামি আহিছে চৰম ভাবুকি। মহানগৰীতো এনে জুৱাৰ কৱলত পৰি বহুতে ঘৰ-বাৰী পৰ্যন্ত হেৰুৱাইছে ।
অন্য এক খবৰৰ বাবে: পূৰ্বৰ পৰাজয়ৰ পোটক তোলাৰ লক্ষ্যৰে আজি বেংগালুৰৰ বিৰুদ্ধে কলকাতা