গুৱাহাটী,১৬ জুলাইঃ আন্তঃৰাজ্যিক সীমা সমস্যা অসমৰ (ASSAM) বাবে এটা দীঘলীয়া আৰু জটিল সমস্যা । বছৰৰ পাছত বছৰ ধৰি সীমান্ত অঞ্চলৰ ৰাইজে এই সমস্যাৰ বাবে দুৰ্ভোগ ভুগি আহিছে । প্ৰায় সময়তে অশান্ত হৈ থাকে সীমান্ত অঞ্চলসমূহ ৷ কেতিয়াবা যদি মেঘালয়ৰ (MAGHALYA) লোকে আহি অসমৰ ভূমিত ঘৰ বান্ধে, আন কেতিয়াবা মিজোসকলৰ (MIZURAM) অত্যাচাৰ সহ্য কৰিবলগীয়া হয় অসমৰ সীমান্ত অঞ্চলবাসীয়ে । অসম বিধানসভাতো (ASSAM ASSMBLY) অসমৰ ভূমি বেদখল তথা সীমান্তবাসীৰ সমস্যাৰ প্ৰসংগই স্থান লাভ কৰিছে।
চৰকাৰী তথ্যত অসমৰ ভূমি চুবুৰীয়া ৰাজ্যই দখল কৰাৰ ভয়াৱহ সত্য উন্মোচিত হৈছে । তথ্য মতে অৰুণাচল প্ৰদেশে শোণিতপুৰত ১.০৮৪৯ হেক্টৰ, বিশ্বনাথত ৪৭৫১.০০হেক্টৰ, লখিমপুৰত ১৯৭৫.৪১হেক্টৰ, ধেমাজিত ১০৫৫.৭৪৭৯ হেক্টৰ, ডিব্ৰুগড়ত ১০.০০হেক্টৰ, চৰাইদেউত ৬০২.০১১৭ হেক্টৰ ভূমি দখল কৰি আছে। সেইদৰে নাগালেণ্ডে যোৰহাটত ১৮৮০৭.৭২ হেক্টৰ, শিৱসাগৰত ২৩.৯০৩৯ হেক্টৰ, গোলাঘাটত ৩৬২৯৪.০৭ আৰু চৰাইদেউত ২৭০.৪৩৫৭ হেক্টৰ ভূমি বেদখল কৰিছে ।
আনহাতে মেঘালয়ে গোৱালপাৰাত ৩৩.৮১৫৬হেক্টৰ, কাছাৰত ৬০২.০১১৭হেক্টৰ, কামৰূপত ৮০২.৬৮২৩ হেক্টৰ, দক্ষিণ শালমাৰা-মানকাছৰত ৩.৩৫০৫হেক্টৰ, পশ্চিম কাৰ্বি আংলঙত ২ হাজাৰ বৰ্গ মিটাৰ ভূমি দখল কৰি আছে। ইফালে মিজোৰামে হাইলাকান্দিত ১ হাজাৰ হেক্টৰ, কৰিমগঞ্জত ৩৭৭.৫৮ হেক্টৰ আৰু কাছাৰত ৪০০ হেক্টৰ ভূমি বেদখল কৰি আছে ।
উল্লেখ যে, অসমৰ সৰ্বমুঠ ৬৯০১০.৮২৪২ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যই বেদখল কৰি আছে। চৰকাৰী তথ্য মতে বিগত ৫ বছৰত চুবুৰীয়া ৰাজ্যই অসমৰ ভূমি বেদখল কৰাৰ 209 টা ঘটনা সংঘটিত হৈছে । আনহাতে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশে অসমৰ ভূমি বেদখল কৰা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত O.S NO 2/1988 আৰু O.S NO 1/1989 নম্বৰৰ দুটাকৈ গোচৰ ৰুজু হৈছে আৰু দুয়োটা গোচৰ বৰ্তমানেও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ।
লগতে পঢ়ক : মৰিগাঁও ধৰ্ষণ কাণ্ড : ফৰেনচিক ৰিপ’ৰ্টত প্ৰমাণিত পাঠাৰ DNA