ETV Bharat / city

চোৰাংচোৱা বিষয়া তপন ডেকাক কাশ্মীৰৰ দায়িত্ব অৰ্পণ

author img

By

Published : Oct 10, 2021, 3:36 PM IST

Updated : Oct 10, 2021, 4:35 PM IST

শেহতীয়াকৈ কাশ্মীৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ ৷ সন্ত্ৰাসবাদীয়ে কেইবাজনো নিৰীহ লোকক গুলীয়াই হত্যা কৰাৰ লগতে সমগ্ৰ উপত্যকাটোতে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে । এনে সময়ত কেন্দ্ৰীয় চৰকাৰে তপন ডেকাক কাশ্মীৰৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ সঠিক বিষয়া হিচাপে বিবেচনা কৰিছে ৷

চোৰাংচোৱা বিষয়া তপন ডেকাক কাশ্মীৰৰ দায়িত্ব অৰ্পণ

গুৱাহাটী, ১০ অক্টোবৰ : ভাৰত চৰকাৰৰ এগৰাকী সুদক্ষ আৰু দায়িত্বশীল চোৰাংচোৱা বিষয়া, অসম সন্তান তপন ডেকাক শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ন্যস্ত কৰিছে অশান্ত কাশ্মীৰৰ দায়িত্ব । শেহতীয়াকৈ বিগত এটা সপ্তাহত কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ তৰিৎ গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে সুদক্ষ আই পি এছ বিষয়া ডেকাক তাৎক্ষণিকভাৱে কাশ্মীৰৰ দায়িত্ব ন্যস্ত কৰিছে ৷

intelligence-officer-tapan-deka-entrusted-with-kashmir

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দায়িত্ব অৰ্পণ কৰাৰ পাছতেই শ্ৰীনগৰত উপস্থিত হয় এইগৰাকী চোৰাংচোৱা বিষয়া । উল্লেখযোগ্য যে, ১৯৮৮ বেটচৰ আই পি এছ বিষয়া তপন ডেকা সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ ইন্টেলিজেঞ্চ ব্যুৰ'ৰ বিশেষ সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে । বিগত এটা সপ্তাহত কাশ্মীৰত সন্ত্ৰাসবাদীয়ে কেইবাজনো নিৰীহ লোকক গুলীয়াই হত্যা কৰাৰ লগতে সমগ্ৰ উপত্যকাটোতে পুনৰ আতংকময় এক পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ তপন ডেকাকেই সঠিক বিষয়া হিচাপে বিবেচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে । কাশ্মীৰত এতিয়াৰে পৰা যি সন্ত্ৰাস বিৰোধী অভিযান চলিব তাৰ ব্লুপ্ৰিন্ট তৈয়াৰ কৰিব এইগৰাকী সুদক্ষ অসম সন্তান তথা আই পি এছ বিষয়াই । উল্লেখযোগ্য যে এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰো আগশাৰীৰ সক্ৰিয় নেতা আছিল তপন ডেকা ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী ড৹ শৰ্মাক হত্যাৰ ব্লুপ্ৰিন্ট নগাৰ !

Last Updated : Oct 10, 2021, 4:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.