ETV Bharat / city

ফুট গধূলিতে মহানগৰীত ওলাইছে চোৰ

author img

By

Published : Nov 15, 2021, 9:55 PM IST

গৃহস্থই আত্মীয়ৰ বিয়োগৰ খবৰ ল’বলৈ যোৱাৰ পিছ মূহুৰ্ততে পাথৰকুঁৱেৰীৰ মেগজিনত চোৰৰ লুট-পাত । লোৰ আলমিৰা ভাঙি ফুট গধূলিতে চোৰে লুটি লৈ গ’ল সকলো ৷

increasing-thief-activity-in-guwahati
ফুট গধূলিতে মহানগৰীত ওলাইছে চোৰ

গুৱাহাটী, ১৫ নৱেম্বৰ : আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ গুৱাহাটী মহানগৰীত এতিয়া দিনক দিনে বৃদ্ধি পাব ধৰিছে চুৰি, ডকাইতি, হত্যাকে ধৰি বিভিন্ন অপৰাধ মূলক ঘটনা । মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত মেগজিনৰ শংকৰ নগৰত দেওবাৰে নিশা চোৰে চলালে লুটপাত । ঘৰত কোনো নথকাৰ সুযোগ লৈ গকুল গোস্বামী নামৰ লোকজনৰ ঘৰৰ পিছফালৰ দুৱাৰৰ তলা ভাঙি চোৰে লুটি নিয়ে সোণৰ আ-অলংকাৰ ।

ফুট গধূলিতে মহানগৰীত ওলাইছে চোৰ

জানিব পৰা মতে ঘৰৰ গৰাকী গকুল গোস্বামীৰ মাতৃৰ বিয়োগ হোৱাৰ বাবে শনিবাৰে দিনৰ ভাগত পৰিয়াল সহ পাঠশালাস্থিত বাসগৃহলৈ গৈছিল । ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে ফুটগধূলিতে লোৰ আলমিৰাৰ তলা ভাঙি ই এম আই(EMI) ৰ ধন সহ সহ নগদ 70 হাজাৰ টকাৰ লগতে প্ৰায় ৭ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ লুটি নিয়ে ।

পিছত এই কথা জানিব পাৰি ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত পক্ৰিয়া ।

লগতে পঢ়ক : কোনে শুনে কাৰ কথা, ঘোষণাৰ পিছতো প্ৰত্যাহাৰ হোৱা নাই Ceiling ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.