ETV Bharat / city

ৰাজ্যত ঔষধৰ নাটনিৰ অভিযোগ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ

author img

By

Published : Jul 1, 2020, 3:15 AM IST

Updated : Jul 1, 2020, 2:06 PM IST

মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যত এতিয়া ঔষধৰ নাটনিয়ে দেখা দিছে ৷ এই অভিযোগ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৷

In state Shortage of Medicine allegation by Apurba Kumar Bhattacharya

গুৱাহাটী, 1 জুলাই : দেওবাৰৰ মাজনিশাৰ পৰা বিজেপি নেতৃত্বাধীন ৰাজ্য় চৰকাৰখনৰ অপৰিকল্পিত লক্ ডাউনৰ ঘোষণা কৰা ফলতেই খাটিখোৱা মানুহৰ জীৱনলৈ নামি আহিছে দুৰ্যোগ । এনে সম্পূৰ্ণ লক ডাউনৰ পৰা চৰকাৰে ফাৰ্মাচী আৰু চিকিৎসালয় খোলা দিছে যদিও মেডিচিন ডিষ্ট্ৰীবিউটৰ আৰু চিএনএফ খোলা ঘোষণা নকৰাৰ ফলতেই গুৱাহাটী মহানগৰীৰ চিকিৎসালয়,নাৰ্ছিং হোম আদিত ঔষধৰ নাটনিয়ে দেখা দিছে বুলি কয় কংগ্ৰেছী নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

ৰাজ্যত ঔষধৰ নাটনিৰ অভিযোগ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ

ক্ৰমবৰ্ধমান কৰ’ণা আক্ৰান্তৰ সংখ্যা ৰোধ কৰাত ব্যৰ্থ হোৱা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠাৎ গুৱাহাটীত 14 দিনৰ সম্পূৰ্ণ লক ডাউন ঘোষণা কৰিছে । এনে অপৰিকল্পিত ঘোষণাই সকলো শ্ৰেণীৰ লোকৰ ওপৰত এক দুৰ্যোগ জাপি দিছে । আনহাতে ঘোষণাত স্পষ্ট ভাৱে উল্লেখ নথকাৰ বাবেই মেডিচিন ডিষ্ট্ৰীবিউটৰ আৰু চিএনএফ সমূহো বন্ধ হৈ আছে,যাৰ ফলত ঔষধৰ অভাৱত ৰোগীৰ বাবে জীৱন-মৰণৰ সমস্যা হৈ পৰিছে । এয়া চৰকাৰৰ এক টোগলকী কাণ্ড বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

তেওঁ লগতে কয়, জনসাধাৰণক এফালে ভাতে মাৰিছে যদি আনফালে চৰকাৰে এতিয়া চিকিৎসাবিহীনে মাৰিবলৈকে এনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই । আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া কোৱাৰেণ্টাইনত আছে নেকি বুলি কটাক্ষ কৰি চৰকাৰক সৰ্বসাধাৰণৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰিবলৈ আহ্বান জনায় কংগ্ৰেছী নেতাগৰাকীয়ে ৷

লগতে চাওক-COVID-19 : অসমৰ বৰ্তমানৰ পৰিস্থিতি !

Last Updated : Jul 1, 2020, 2:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.