ETV Bharat / city

গুৱাহাটীত বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ - water level of Mighty Bramhaputra

গুৱাহাটী মহানগৰীত বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । মঙলবাৰে নিশাৰ ভাগত ৯ ছেন্টিমিটাৰ পৰ্যন্ত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । ১৬৮ ছেন্টিমিটাৰ বৃদ্ধি পালেই ব্ৰহ্মপুত্ৰৰ পানীয়ে বিপদ সীমা অতিক্ৰম কৰিব ।

গুৱাহাটীত বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

author img

By

Published : May 27, 2020, 4:49 PM IST

Updated : May 27, 2020, 8:38 PM IST

গুৱাহাটী, 27 মে' : উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লগতে অসমত যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰা পৰিলক্ষিত হৈছে । বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত ফেনে ফুটুকাৰে বৃদ্ধি পাইছে নৈ-উপনৈ সমূহৰ জলস্তৰ । মহানগৰী গুৱাহাটীতো ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ যোৱা কিছুদিন ধৰি দ্ৰুতগতিত বৃদ্ধি পাই পাছে ।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ
বুধবাৰে দিনৰ ভাগত ব্ৰহ্মপুত্ৰৰ জলস্তৰ

বৰ্তমান মহানগৰীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ৪৮.০০ ছেন্টিমিটাৰত আছে ৷ মঙলবাৰৰ তুলনাত বুধবাৰে দিনৰ ১১ বজালৈ ১.৫ মিটাৰ বৃদ্ধি পাইছে পানীৰ স্তৰ ৷ মহানগৰী গুৱাহাটীত যোৱা ১৬ মে'ৰ পৰা বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷

গুৱাহাটীত বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

১৬৮ ছেন্টিমিটাৰ বৃদ্ধি পালেই মহানগৰীত বিপদ সীমা অতিক্ৰম কৰিব ব্ৰহ্মপুত্ৰৰ জলস্তৰে । কেন্দ্ৰীয় জল আয়োগৰ কৰ্মীয়ে জানিবলৈ দিয়া মতে যদি এই হাৰত পানী বৃদ্ধি পাই থাকে তেন্তে বৃহস্পতিবাৰলৈ গুৱাহাটীত বিপদ সীমা অতিক্ৰম কৰিব ব্ৰহ্মপুত্ৰ পানীয়ে ।

লগতে পঢ়কঃ প্ৰতি ঘণ্টাত ৫ ছেন্টিমিটাৰকৈ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলস্তৰ

Last Updated : May 27, 2020, 8:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.