ETV Bharat / city

ব্ৰহ্মপুত্ৰৰ বাবে IITG আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উমৈহতীয়া প্ৰচেষ্টা

author img

By

Published : Aug 1, 2021, 11:53 AM IST

উমৈহতীয়া প্ৰচেষ্টাৰে ব্ৰহ্মপুত্ৰ নদীৰ জলসম্পদ সমূহক জনহিতাৰ্থে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে আই আই আইটি(IITG) গুৱাহাটী আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডে(Brahmaputra Board) ৷ এই সম্পৰ্কত আই আই টি গুৱাহাটীয়ে ইতিমধ্যে ব্ৰহ্ম(BRAHMA) নামেৰে এটা ৰিভাৰ মডেল প্ৰতিষ্ঠা কৰিছে ৷

iitg-and-brahmaputra-board-collabs-for-developement-of-water-resources-of-river-brahmaputra
ব্ৰহ্মপুত্ৰৰ বাবে IITG আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উমৈহতীয়া প্ৰচেষ্টা

নিউজ ডেস্ক, 1 আগষ্ট : ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী গুৱাহাটী(Indian Institute of Technology Guwahati) চমুকৈ আই আই আইটি গুৱাহাটী (IIT Guwahati) আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডে(Brahmaputra Board) উমৈহতীয়া প্ৰচেষ্টাৰে ব্ৰহ্মপুত্ৰৰ জলসম্পদ সমূহ জনহিতাৰ্থে ব্যৱহাৰৰ সিদ্ধান্ত লৈছে ৷ এই প্ৰচেষ্টাযোগে বহু নতুন কাৰিকৰী পদ্ধতি ব্যৱহাৰ কৰি নৈখনক অধিক কাৰ্যক্ষম ৰূপত পৰিচালনা কৰাৰ কথা চিন্তা কৰা হৈছে ৷ ইতিমধ্যে, আই আই টি গুৱাহাটীৰ সঞ্চালক আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষৰ মাজত এই সম্পৰ্কত এখন চুক্তি স্বাক্ষৰ হৈছে ৷

অনুষ্ঠান দুটাৰ এই সম্পৰ্ক সম্পূৰ্ণ পৰীক্ষামূলক হ’ব ৷ এই প্ৰচেষ্টাৰ জৰিয়তে আই আই টিৰ শিক্ষাৰ্থী সকলৰ শিক্ষামূলক ভ্ৰমণ আৰু ব্যৱহাৰিক শিক্ষাৰ দিশত এই প্ৰকল্পই সহায় কৰিব বুলি আশা কৰা হৈছে ৷ শিক্ষাৰ্থী সকলৰ লগতে অসমৰ সমাজ জীৱনৰ উত্তৰণৰ ক্ষেত্ৰতো এই প্ৰচেষ্টা যথেষ্ট আশাব্যঞ্জক হ’ব বুলি সচেতন মহলে ধাৰণা কৰিছে ৷ আই আই টি গুৱাহাটীৰ (IIT Guwahati) চিভিল ইঞ্জিনিয়াৰিং বিভাগ(Civil Engineering Department)ৰ অধ্যাপক অৰূপ কুমাৰ শৰ্মাই জনোৱা মতে,আই আই টি গুৱাহাটীয়ে ইতিমধ্যে ‘ব্ৰহ্ম’ (BRAHMA) নামেৰে এটা ৰিভাৰ মডেল প্ৰতিষ্ঠা কৰিছে ৷

এই মডেলটোৰ জৰিয়তে কম সময় সাপেক্ষে প্ৰকল্প ৰূপায়ণৰ সুবিধা হ’ব ৷ এই সম্পৰ্কত আইআইটি গুৱাটীৰ সঞ্চালক(Director of IITG) গৰাকীয়েও মন্তব্য আগবঢ়াই কৈছে যে, ব্ৰহ্মপুত্ৰৰ দৰে নদী এখনৰ সঠিক পৰিচালানা সংঘৱদ্ধ প্ৰচেষ্টাৰ দ্বাৰাহে সম্ভৱ আৰু এই প্ৰচেষ্টাটো সেই দিশতেই লোৱা এক খোজ হিচাপে বিবেচিত হৈছে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থিয় হোৱাৰ আশ্বাস অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.