ETV Bharat / city

অসমৰ নতুন মুখ্য সচিব ৰূপে দায়িত্ব গ্ৰহণ পৱন কুমাৰ বৰঠাকুৰৰ - অসমৰ নতুন মুখ্য সচিব

31 আগষ্ট অৰ্থাৎ আজি কাৰ্যকাল অন্ত পৰে মুখ্য সচিব জিষ্ণু বৰুৱাৰ (Assam chief secretary IAS Jishnu Baruah)৷ তেওঁৰ স্থলাভিসিক্ত কৰা হয় পৱন বৰঠাকুৰক ৷ 1989 বেটচৰ অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া পৱন কুমাৰ বৰঠাকুৰ ৷

Paban Borthakur take charge as new CS of Assam

author img

By

Published : Aug 31, 2022, 8:16 PM IST

গুৱাহাটী, 31 আগষ্ট: ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিলে জ্যেষ্ঠ আই এ এছ বিষয়া পৱন কুমাৰ বৰঠাকুৰে (IAS Paban Kumar Borthakur) ৷ বুধবাৰে মুখ্য সচিব পদৰ পৰা অৱসৰ গ্ৰহণ কৰে জিষ্ণু বৰুৱাই (IAS Jishnu Baruah retired as Assam CS) ৷ জনতা ভৱনত ৰাজ্যৰ শীৰ্ষ আমোলাসকলৰ উপস্থিতিত আজি জিষ্ণু বৰুৱাৰ পৰা দায়িত্ব গ্ৰহণ কৰে পৱন কুমাৰ বৰঠাকুৰে (New chief secretary of Assam) ৷ ইয়াৰ পূৰ্বে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছিল বৰঠাকুৰ ৷

Paban Borthakur take charge as new CS of Assam
বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱাৰ সৈতে মুখ্যমন্ত্ৰী

উল্লেখ্য যে, 31 আগষ্ট অৰ্থাৎ আজি কাৰ্যকাল অন্ত পৰে মুখ্য সচিব জিষ্ণু বৰুৱাৰ (Assam chief secretary IAS Jishnu Baruah)৷ তেওঁৰ স্থলাভিসিক্ত কৰা হয় পৱন বৰঠাকুৰক ৷ 1989 বেটচৰ অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া পৱন কুমাৰ বৰঠাকুৰ ৷ তেওঁৰ ঘৰ নগাঁও জিলাৰ কলিয়াবৰত ৷

আনহাতে, আজি অৱসৰ গ্ৰহণ কৰিলেও 1 ছেপ্তেম্বৰৰ পৰা এ পি ডি চি এলৰ অধ্যক্ষ হিচাপে কাৰ্য নিবাহ কৰিব জিষ্ণু বৰুৱাই ৷ ১৯৮৮ চনত ভাৰতীয় প্ৰশাসনীয় সেৱাত যোগদান কৰি সুদীর্ঘ ৩৪ বছৰ কাল বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আজি অসমৰ মুখ্য সচিবৰূপে তেখেতে অৱসৰ গ্ৰহণ কৰে ।

বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱাক সম্ভাষণ মুখ্যমন্ত্ৰীৰ

আজি আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণৰ পূৰ্বে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কক্ষত বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱা আৰু নৱ নিযুক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ দুয়োজনে ড৹ হিমন্ত বিশ্ব শৰ্মাক সৌজন্যমূলক সাক্ষাৎ কৰে ৷ মুখ্যমন্ত্ৰীক সাক্ষাৎকালত উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰণোজ পেগুও ৷ মুখ্যমন্ত্ৰীয়ে বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱাক বিদায় সম্ভাষণ জ্ঞাপন কৰাৰ লগতে পৱন কুমাৰ বৰঠাকুৰক নতুন দায়িত্বভাৰৰ বাবে অভিনন্দন জনায় ৷

দায়িত্বভাৰ গ্ৰহণ কৰি নিজৰ বক্তব্যত পৱন কুমাৰ বৰঠাকুৰে কয় যে, এতিয়াৰ পৰা তেওঁ ৰাজ্যখনক সেৱা কৰাৰ বাবে অধিক সুযোগ লাভ কৰিব ৷ আজিৰ দিনটোতে ৩৫ বছৰীয়া চাকৰিৰ কাৰ্যকাল সমাপ্ত কৰা অতিৰিক্ত মুখ্য সচিব এম চি জোহৰী আৰু আয়ুক্ত সচিব ৰাণী কাঠাৰূপীকো বিদায় সম্ভাষণ জনোৱা হয় ।

বিদায়ী আৰু নৱ নিযুক্ত মুখ্য সচিৱৰ সৈতে মুখ্যমন্ত্ৰী

সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে ভিডিঅ' কনফাৰেন্সিঙৰ মাধ্যমেৰে জিলাসমূহৰ উপায়ুক্তসকলে ভাগ লোৱা এই অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব ক্ৰমে ৰবি শংকৰ প্ৰসাদ আৰু আশীষ ভূটানী, প্ৰধান সচিব অৰ্চনা বার্মা, আয়ুক্ত সচিব ক্ৰমে জি ডি ত্ৰিপাঠী আৰু কবিতা পদ্মনাভনে জিষ্ণু বৰুৱাকে ধৰি বিদায়ী তিনিওগৰাকী বিষয়া আৰু নৱ-নিযুক্ত মুখ্য সচিবগৰাকীৰ কৰ্মদক্ষতা সম্পৰ্কত অৱলোকন কৰে ।

বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱাক বিষয়াসকলৰ উপৰি বিজ্ঞ সমাজে তেওঁক এগৰাকী বিশিষ্ট বুৰঞ্জীবিদ-সাহিত্যিক হিচপে সদায় মনত ৰাখিব বুলি সকলোৱে মন্তব্য কৰে । চাকৰি কালত বিভিন্ন ক্ষেত্ৰত গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপ বিশেষকৈ সদম্ভাৱনা প্ৰকল্প সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত মুখ্য সচিবগৰাকীৰ ভূমিকা কৃতজ্ঞতাৰে স্বীকাৰ কৰে । অনুষ্ঠানত বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱা, এম চি জোহৰী আৰু ৰাণী কাঠাৰূপীৰ লগতে সদ্য নিযুক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰেও নিজৰ নিজৰ অনুভৱ বিশদভাৱে ব্যক্ত কৰে ।

ইপিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অৱসৰ গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাক অসম সচিবালয়স্থিত তেওঁৰ কাৰ্যালয় কক্ষত উপস্থিত হৈ বিদায় সম্ভাষণ জনায় । বিগত তিনিটা দশক জুৰি ৰাজ্য তথা ৰাজ্যবাসীৰ বাবে নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱাক প্ৰশংসা কৰে । মুখ্যমন্ত্ৰীয়ে বিদায়ী মুখ্য সচিবগৰাকীৰ সু-স্বাস্থ্য আৰু অৱসৰকালীন জীৱন সুখী হোৱাৰ কামনা কৰে । ইয়াৰ উপৰিও তেওঁ আগন্তুক দিনতো প্ৰয়োজন সাপেক্ষে ৰাজ্য চৰকাৰক দিহা-পৰামৰ্শ আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: NCRB ৰ প্ৰতিবেদন: ধৰ্ষণৰ ঘটনাৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.