গুৱাহাটী,২৬জুন : বুধবাৰে পুৱা ৫বাজি ১৫মিনিটত খোল খালে কামাখ্যা মন্দিৰৰ মূলদ্বাৰ । মূলদ্বাৰ খোলাৰ লগে-লগে নীলাচলৰ বুকুত ভীৰ কৰিছেহি অগণন ভক্তই । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো পৰিয়ালৰ সৈতে কামাখ্যা মন্দিৰত উপস্থিত হৈ মা কামাখ্যাৰ আশীষ লয়। অম্বুবাচী মেলা সফলভাৱে সম্পূৰ্ণ হোৱাৰ বাবে মন্দিৰ পৰিচালনা সমিতিক ধন্যবাদ জনাই মন্ত্ৰীগৰাকীয়ে ।
ইফালে, মঠ-মন্দিৰ, গীৰ্জা, মছজিদ উন্নয়নৰ বাবে ধন মুকলি কৰিব চৰকাৰে। ইতিমধ্যেই অসম দৰ্শন নামেৰে এখন আঁচনি বাজেটত ধাৰ্য কৰা হৈছে বুলিও সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷