গুৱাহাটী, ১২ জানুৱাৰী : ‘‘সম্পূৰ্ণ সুপৰিকল্পিতভাৱে পাঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আক্ৰমণৰ কৌশল ৰচনা কৰা হৈছিল ৷ এই কৌশল ৰচনাত পোনপটীয়াকৈ জড়িত আছিল কংগ্ৰেছ হাইকমাণ্ড । বুধবাৰে সন্ধিয়া দিছপুৰৰ জনতা ভৱনত আয়োজন কৰা এক সংবাদমেলত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma alleges Congress for PMs security breach)। সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আৰু কয় যে, ইচ্ছাকৃতভাবেই পাঞ্জাৱ চৰকাৰে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে কোনো ব্যৱস্থা কৰা নাছিল । আনকি পাঞ্জাৱৰ মুখ্যমন্ত্ৰী গৰাকী প্ৰধানমন্ত্ৰীক আদৰিবলৈও যোৱা নাছিল । ক'ভিডৰ আশংকাত তেওঁ প্ৰধানমন্ত্ৰীক আদৰিবলৈ যোৱা নাছিল বুলি প্ৰকাশ কৰিছে ।
হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰীৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কংগ্ৰেছ হাইকমাণ্ড আৰু পাঞ্জাৱ চৰকাৰ উভয়ে মিলি কৰিছিল ৷ প্ৰতিবাদকাৰীসকল কোনো কৃষক নাছিল বুলি মন্তব্য কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনায় । তেওঁ লগতে কয় যে, ডি এছ পি সুখদেৱ সিঙে এনে ঘটনা হ’ব পাৰে বুলি আশংকা কৰি ২ জানুৱাৰীতে SSP ক জনাইছিল । তৎস্বত্বেও চৰকাৰখনে আগতীয়াকৈ গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা ।
উল্লেখ্য যে, যোৱা 5 জানুৱাৰীত পঞ্জাৱ ভ্ৰমণৰ উদ্দেশ্য গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ হুছেইনিৱালাৰ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকলৈ যোৱাৰ পথত প্ৰায় ৩০ কিলোমিটাৰ দূৰৈত প্ৰধানমন্ত্ৰীৰ কনভয় এখন উৰণীয়া সেঁতুত উঠাৰ সময়তে একাংশ প্ৰতিবাদকাৰীয়ে পথটো অৱৰোধ কৰে । ফলত প্ৰধানমন্ত্ৰী ১৫-২০ মিনিট ধৰি উৰণীয়া সেঁতুৰ ওপৰতে আবদ্ধ হৈ থাকিবলগীয়া হয় ।
এয়া প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক বৃহৎ ত্ৰুটি হিচাপে বিবেচনা কৰিছে গৃহ মন্ত্ৰালয়ে (PMs security breach)। মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰীৰ সময়সূচী আৰু ভ্ৰমণৰ পৰিকল্পনা সম্পৰ্কে পাঞ্জাৱ চৰকাৰক আগতীয়াকৈ জনোৱা হৈছিল । বিশেষ প্ৰট'কল অনুসৰি ৰাজ্য চৰকাৰে ল’জিষ্টিক, নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু লগতে আকস্মিক কোনো পৰিকল্পনাৰ বাবেও সাজু থাকিব লাগিব । আকস্মিক পৰিকল্পনাৰ প্ৰতি লক্ষ্য ৰাখি পাঞ্জাৱ চৰকাৰে পথেৰে প্ৰধানমন্ত্ৰীৰ যাত্ৰা সুৰক্ষিত কৰিবলৈ অতিৰিক্ত নিৰাপত্তা বেষ্টনী গঢ়ি তুলিব লাগিব । কিন্তু এইবোৰত পাঞ্জাৱ চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ মন্ত্ৰালয়ৰ (Panjub Government failure to arrange securities in PM visit) ।
ইয়াৰ পাচতে দেশজুৰি বিজেপিয়ে এই ঘটনাক লৈ কংগ্ৰেছ আৰু পঞ্জাৱ চৰকাৰক দোষাৰোপ কৰি ককৰ্থনা, সমালোচনা কৰা দেখা যায় ৷ ইফালে কংগ্ৰেছে অভিযোগ তোলে যে, সভাত উপস্থিত জনতাৰ সংখ্যা কম হোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সভা সম্বোধন নকৰি উভতি আহে ৷ কিন্তু এই ঘটনাক গাপ দিবলৈ নিৰাপত্তাজনিত নাটকখন কৰে ৷ ইতিমধ্যে এই সমগ্ৰ বিষয় আদালতৰ বিচাৰাধীন হৈ আছে ৷
লগতে পঢ়ক : Modi Security Breach in Punjab: নিৰাপত্তা ব্যৱস্থাৰ বাবে পাঞ্জাৱ চৰকাৰৰ পৰা স্পষ্টীকৰণ তলব