ETV Bharat / city

মোৰ লগত ধেমালি কৰা বাদ দিয়ক : ড৹ হিমন্ত বিশ্ব শৰ্মা - জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত পৰীক্ষাগাৰ মুকলি

জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত মলিকুলাৰ বায়ল'জী পৰীক্ষাগাৰ মুকলি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কৃষ্ণা ডায়’গনেষ্টিক নামৰ সংস্থাটোৰ তত্বাৱধানত চলিবলগীয়া এই পৰীক্ষাগাৰটোত থাকিব অন্য লেৱতকৈ অত্যাধিক পৰীক্ষাৰ ব্যৱস্থা। আনহাতে এই অনুষ্ঠানতেই পুনৰ বিৰোধীক সাৱধানবাণী স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

মোৰ লগত ধেমালি কৰা বাদ দিয়ক : ড৹ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jul 23, 2020, 10:51 PM IST

গুৱাহাটী, 23 জুলাই : বৃহস্পতিবাৰে মহানগৰীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বৃহস্পতিবাৰে মহাবিদ্যালয়খনত উপস্থিত হৈ এটা মলিকুলাৰ বায়ল'জী পৰীক্ষাগাৰ মুকলি কৰে মন্ত্ৰীগৰাকীয়ে । কৃষ্ণা ডায়’গনেষ্টিক নামৰ সংস্থাটোৰ তত্বাৱধানত চলিবলগীয়া এই পৰীক্ষাগাৰটোত থাকিব অন্য লেৱতকৈ অধিক পৰীক্ষা ব্যৱস্থা ।

আয়ুৰ্বেদিক মহাবিদ্যালয়ত মলিকুলাৰ বায়ল'জী পৰীক্ষাগাৰ মুকলি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ইয়াৰ জৰিয়তে পৰীক্ষাগাৰখনত প্ৰতিদিনেই 4 হাজাৰ লোকৰ ক'ভিড পৰীক্ষা কৰিব পাৰিব বুলি কয়। আনকি চৰকাৰী পৰীক্ষাগাৰতকৈ অধিক সোনকালে ফলাফল ওলাব এইটো পৰীক্ষাগাৰত । এনেদৰেই যদিহে কোনো সংস্থাই অত্যাধুনিক পদ্ধতিৰে পৰীক্ষাগাৰ নিৰ্মাণ কৰিব বিচাৰে তেন্তে চৰকাৰৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।

আনহাতে 15 আগষ্টলৈ 65 হাজাৰৰ ঘৰ চুব কৰ'ণা আক্ৰান্তৰ সংখ্যাই । এয়া ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী নহয়,ভাৰত চৰকাৰৰ ফালৰ পৰা দিয়া এক পৰিসংখ্যা হে বুলি কয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। এই ভৱিষ্যতবাণী হিমন্ত বিশ্ব শৰ্মাৰ বুলি বিভিন্ন জনে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়,মুৰ্খবোৰেহে মোক সমালোচনা কৰে ।

ইফালে বিৰোধীক পুনৰ সাৱধানবাণী দিয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । 100 টা গ’ল খাবলৈ সাজু হৈ থাকিবলৈ বিৰোধীক আহ্বান মন্ত্ৰীগৰাকীয়ে । তাৰোপৰি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কৰ'ণা কিয় নহয় বুলি বিৰোধীয়ে কৰা প্ৰশ্নৰো প্ৰত্যুত্তৰ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । যিসকলে এনে প্ৰশ্ন কৰে তেওঁলোকহে প্ৰকৃতাৰ্থে হতাশাগ্ৰস্তত ভুগিছে বুলি কয় মন্ত্ৰী ড৹ শৰ্মাই । আগন্তুক নিৰ্বাচনত আন এটা গ’ল খাব বুলি উল্লেখ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে চাওক-বানত ক্ষতিগ্ৰস্ত 9,95,260 টা কৃষক পৰিয়াল : মন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.