ETV Bharat / city

মহানগৰ আৰক্ষীৰ জালত ড্ৰাগছ আৰু নকল নোট সৰবৰাহকাৰী

author img

By

Published : Apr 19, 2022, 11:07 PM IST

গঁড়চুকত জব্দ প্ৰায় 6 কোটি টকাৰ ড্ৰাগছ ৷ ওলাইছে নকল নোটো ৷ আৰক্ষীয়ে আটক কৰিছে সৰবৰাহকাৰীক ৷

heroin-and-fake-money-seized-by-garchuk-police
মহানগৰ আৰক্ষীৰ জালত ড্ৰাগছসহ নকল নোট

গুৱাহাটী, 18 এপ্ৰিল : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ ঘটনা অনুসৰি মঙলবাৰে গড়চুক আৰক্ষীয়ে গড়চুকত অভিযান চলাই দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drugs peddlers arrested by Garchuk police) ৷

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইজন তামুলপুৰৰ খাইৰুজ জামান আৰু বিজনীৰ চফিকুল ইছলাম বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে জব্দ কৰা হেৰ’ইনখিনিৰ পৰিমাণ 750 গ্ৰাম বুলি জানিব পৰা গৈছে (Heroin seized in Guwahati) ৷ লগতে এই হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় 6 কোটি টকা বুলি আৰক্ষীয়ে জনায় ৷

ইফালে, গুৱাহাটীত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নকল নোট ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত গড়চুক আৰক্ষীয়ে আই এচ বিটিত চলোৱা এক অভিযানত উদ্ধাৰ হয় ৭ লাখ টকাৰ নকল নোটখিনি (Fake money seized in Guwahati) ৷ পাঁচশ টকীয়া নোট নোটৰ বান্দিলসহ এজন লোকক আটক কৰে ৷

আটকাধীন লোকজন গাৰো হিলচৰ কিন্দাৰ এম চাংমা (36) বুলি জানিব পৰা গৈছে ৷ ধৃত লোকজনে এই বৃহৎ নকল নোটখিনি যোৰাবাটৰ পৰা সংগ্ৰহ কৰি মেঘালয় যাবলৈ আই এচ বিটিলৈ বাছৰ টিকট কৰিবলৈ অহা অৱস্থাতে আৰক্ষীয়ে হাতে-লোটে আটক কৰে ।

লগতে পঢ়ক : প্ৰেমিকাক ম’বাইল ফোন উপহাৰ দিবলৈ গৈ প্ৰাণ হেৰুৱালে ৰুবুলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.