ETV Bharat / city

Health Minister review meeting: ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ অভাৱ-অভিযোগৰ বুজ ল'লে মন্ত্রী কেশৱ মহন্তই

author img

By

Published : Jul 19, 2022, 10:51 PM IST

ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয়, দন্ত চিকিৎসা মহাবিদ্যালয়, নাৰ্ছিং মহাবিদ্যালয়ৰ অধ্যক্ষৰে গুৱাহাটীত দিনজোৰা বৈঠক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ (Health Minister holds day-long meeting) । চিকিৎসা শিক্ষানুষ্ঠানসমূহৰ বাৰ্ষিক প্ৰয়োজনীয়তাক লৈ পৰ্যালোচনা । চিকিৎসা শিক্ষাৰ গুণগত মান উন্নীতকৰণ, চিকিৎসালয়ত ৰোগীৰে সুন্দৰ ব্যৱহাৰত গুৰুত্ব আৰোপ স্বাস্থ্যমন্ত্ৰীৰ। প্ৰতিগৰাকী ৰোগীৰ প্ৰতি মানৱীয় দৰদৰ দৃষ্টিকোণেৰে সেৱা আগবঢ়াবলৈ আহ্বান ।

medical colleges in Assam
medical colleges in Assam

গুৱাহাটী, 19 জুলাই: ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ লগতে দন্ত চিকিৎসা মহাবিদ্যালয় আৰু নাৰ্ছিং মহাবিদ্যালয় সমূহৰ বিভিন্ন অভাৱ-অভিযোগ (problems of medical colleges in Assam) তথা জৰুৰী প্ৰয়োজনীয়তাৰ বিতং খতিয়ান লয় স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই । খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম চৰকাৰৰ স্বাস্থ্য-পৰিয়াল কল্যাণ বিভাগ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত ৰাজ্যৰ আটাইকেইখন চিকিৎসা মহাবিদ্যালয়, দন্ত চিকিৎসা মহাবিদ্যালয় আৰু নাৰ্ছিং মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে মন্ত্রী মহন্তই দিনজোৰা কৰ্মশালাত মিলিত হয় ।

মন্ত্ৰী মহন্তই এই চৰকাৰী চিকিৎসা শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক, আন্তঃগাঁঠনি তথা চিকিৎসা উপকৰণ বিষয়ক বাৰ্ষিক প্ৰয়োজনীয়তাসমূহৰ বুজ লয় । বৈঠকখনত ৰাজ্যৰ প্ৰতিখন চিকিৎসা শিক্ষানুষ্ঠানতে গুণগত চিকিৎসা শিক্ষাৰ প্ৰসাৰ, শৈক্ষিক দিশত উত্তৰণ, চিকিৎসা সেৱাৰ মান উন্নীতকৰণ আদিৰ বিষয়ে বিস্তাৰিতভাৱে চৰ্চা কৰা হয় (Minister keshab mahanta reviewes problems of medical colleges) ।

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱা, বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকা, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰ, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা ডাঃ সুমিত্ৰা হাগজেৰ আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অনুপ কুমাৰ দাসে নিজ নিজ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ জৰুৰী প্ৰয়োজনীয়তাৰ লগতে আন্তঃগাঁঠনি আৰু শৈক্ষিক দিশত সন্মুখীন হৈ অহা বিভিন্ন অভাৱ-সমস্যা আদিৰ বিষয়ে সদৰি কৰে ।

এই কৰ্মশালাত গুৱাহাটীৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় আৰু শিলচৰৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, গুৱাহাটীৰ আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয় আৰু ডিব্ৰুগড়-শিলচৰৰ বিএছচি নাৰ্ছিং মহাবিদ্যালয়ৰ অধ্যক্ষ সকলেও নিজ নিজ মহাবিদ্যালয়ৰ বাৰ্ষিক প্ৰয়োজনীয়তাসমূহ দাঙি ধৰে । চৰকাৰী চিকিৎসা শিক্ষানুষ্ঠানসমূহৰ প্ৰয়োজনীয়তা তথা অভাৱ-সমস্যাৰাজিৰ বিষয়ে পুংখানুপুংখ ভাৱে আৰু মুকলিমূৰীয়াকৈ আলোচনা কৰি মন্ত্ৰী মহন্তই এই অসুবিধাসমূহ নিৰাময়ৰ লগতে উচ্চপ্ৰযুক্তিৰ অত্যাধুনিক চিকিৎসা যন্ত্ৰ-পাতি যোগান ধৰাৰ বাবে চৰকাৰৰ ফালৰ পৰা লোৱা ব্যৱস্থাৱলীৰ বিষয়ে প্ৰকাশ কৰে ।

ইতিমধ্যে জাইকাৰ পুঁজিৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা 'অসম স্বাস্থ্য ব্যৱস্থা সবলীকৰণ প্ৰকল্প'ৰ জৰিয়তে নতুনকৈ ছখন চিকিৎসা মহাবিদ্যালয়ত ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয় নিৰ্মাণৰ লগতে অত্যাধুনিক চিটিস্কেন, কেথলেব, এম আৰ আই আদি চিকিৎসা যন্ত্ৰ-পাতি ক্ৰয়ৰ বাবেও চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগে প্ৰস্তুতি চলাইছে বুলি তেওঁ সদৰি কৰে ।

ৰাজ্যৰ চিকিৎসা শিক্ষানুষ্ঠানসমূহত চিকিৎসা শিক্ষাৰ গুণগত মান আৰু অধিক উন্নীতকৰণৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়সমূহত ৰোগীলৈ আগবঢ়োৱাৰ সেৱাৰ মানো উন্নীতকৰণৰ কথা দোহাৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে চিকিৎসা গ্ৰহণৰ বাবে অহা প্ৰতিগৰাকী ৰোগীৰ প্ৰতি মানৱীয় দৰদৰ দৃষ্টিকোণেৰে সেৱা আগবঢ়োৱাটো সুনিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ সচিব ধ্ৰুৱজ্যোতি দাস, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, ভাৰপ্ৰাপ্ত স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কাৰেং ৰংপিপি, অসম ৰাজ্যিক চিকিৎসা সেৱা নিগমৰ পৰিচালন সঞ্চালক ডাঃ ৰবীন কুমাৰ, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব ইন্দ্ৰাণী লস্কৰ, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক কমলজিৎ তালুকদাৰ, এন এইচ এমৰ কাৰ্যবাহী সঞ্চালক তথা ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, ৰাজ্যিক ৰক্ত সংচাৰণ পৰিষদৰ প্ৰকল্প সঞ্চালক পমী বৰুৱাৰ লগতে এন এইচ এমৰ নিৰ্মাণ শাখা আৰু লোকনিৰ্মাণ (গৃহ) বিভাগৰো জ্যেষ্ঠ বিষয়া-অভিযন্তাৰ উপস্থিত থাকে এই বৈঠকত ৷

লগতে পঢ়ক : African swine fever : ৰাজ্যত ৪০,৪৮২ টা গাহৰিৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.