ETV Bharat / city

18নৱেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত বি.এ্ৰড প্ৰথম বৰ্ষৰ পৰীক্ষা

author img

By

Published : Nov 2, 2020, 8:05 PM IST

নৱেম্বৰৰ ১৮ তাৰিখৰ পৰা বি. এড প্ৰথম বৰ্ষৰ অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তই এতিয়া বিমোৰত পেলাইছে শিক্ষাৰ্থী সকলক ৷

guwahati_univercity_exam_b.ed
18নৱেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত বি.এ্ৰড প্ৰথম বৰ্ষৰ পৰীক্ষা

গুৱাহাটী,2নৱেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অদ্ভূত সিদ্ধান্ত ৷ কোনো ধৰণৰ প্ৰস্তুতি নোহোৱাকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ জাননী প্ৰেৰণ কৰিলে পৰিক্ষাৰ্থীলৈ ৷ নৱেম্বৰৰ ১৮ তাৰিখৰ পৰা বি. এড প্ৰথম বৰ্ষৰ অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ এই সিদ্ধান্তত বিমোৰত পৰিছে এতিয়া শিক্ষার্থী সকল ৷ কিয়নো ক'ভিডৰ বাবে বহু শিক্ষাৰ্থী বৰ্তমান নিজ ঘৰত থকাৰ উপৰিও বহু শিক্ষাৰ্থীয়ে এৰিব লগীয়া হৈছে হোষ্টেল অথবা পি.জি ।

ইফালে,ক'ভিড ভাইৰাছৰ বাবে বহু শিক্ষাৰ্থীয়ে হঠাৎ ঘৰলৈ যাব লগাত প্ৰয়োজনীয় বহু কিতাপ হোষ্টেলতে থাকে ৷ যাৰ বাবে শিক্ষাৰ্থী সকলে পৰীক্ষাসমূহ অনলাইন কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ জনায় ৷

ইপিনে লকডাউনৰ ফলত শিক্ষানুষ্ঠান সমূহ বন্ধ থকাত সম্পূর্ণ নহ'ল পাঠ্যক্ৰম ৷ কিন্তু এই কথা আওকাণ কৰি সম্পূর্ণ পাঠ্যক্ৰমৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় গুৱাহাটী বিশ্ববিদ্যালয়ে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ কেইগৰাকীমান শিক্ষাৰ্থীয়ে পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কিছু নিয়ম পালন কৰিবলৈ অনুৰোধ জনায় ৷

অন্য এক খবৰৰ বাবে: সোণাৰিত উদ্ধাৰ এটা মৃত বন্যহস্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.