গুৱাহাটী, 23 নৱেম্বৰ : শুকুৰবাৰে গুৱাহাটীৰ ৰেল ষ্টেচনত ৰেল আৰক্ষীৰ এটা দলে প্ৰায় 2 কিলোগ্ৰাম কানিৰ লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ সৰবৰাহকাৰীটোৰ নাম কুলদ্বীপ সিং ৷ জব্দ কৰা কানিখিনিৰ বজাৰ মূল্য প্ৰায় 4 লাখ টকা ৷
গুৱাহাটীৰ ৰেল ষ্টেচনত ৰেল আৰক্ষীৰ এটা দলে ডিমাপুৰৰ পৰা দিল্লীলৈ যোৱা নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত নিয়মীয়া তালাচী চলাই থকাৰ সময়তে হাতে-লোটে ধৰা পৰে ধৃত সৰবৰাহকাৰীজন ৷ আৰক্ষীৰ ভাষ্য অনুসৰি,জব্দ কৰা কানিখিনি ডিমাপুৰৰ পৰা দিল্লীলৈ লৈ যাবলৈ উলিয়াইছিল সৰবৰাহকাৰী কুলদ্বীপে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
অন্য এক খবৰৰ বাবে : গোৱালপাৰাত মুকলি হ'ল ডঃ এ পি জে আব্দুল কালাম সেতু